কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন নকৰোঃ পীযুষ হাজৰীকা

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন নকৰোঃ পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন নকৰোঃ পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন নকৰো। একেদৰে বিটিআৰ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰো ক্ষমতা কৰ্তন নকৰো, বৰঞ্চ সহায়হে কৰিম। - এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। বান-খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ জিলা বিজেপিয়ে আয়োজন কৰা এক কাৰ্যসূচীত ভাষণ দাঙি ধৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে অসম মালাৰ অধীনত কাৰ্বি আংলঙত ৯.৫ কোটি টকাৰ ৰাস্তা হৈছে। এই ৰাস্তাৰে কাজিৰঙা ওলাবগৈ পাৰিব। কিমান যে লাভ হ’ব মানুহৰ। পৰ্যটক আহিব। এয়া অসম চৰকাৰৰ ওপৰঞ্চি টকা। এই টকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে।

Advertisment

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কাৰ্বি আংলঙত বাস কৰা লোকসকলৰ সামগ্ৰিক কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি আছে। গতিকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন কৰিব নিবিচাৰো বা কৰ্তন নকৰো। একেদৰে বিটিআৰ আৰু ডিমা হাছাওৰো ক্ষমতা নকৰো, বৰঞ্চ সহায়হে কৰিম। আমি প্ৰতিশ্ৰুতি দিছো। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পায়, অসম চৰকাৰৰ পৰা টকা পায়। নিয়মমতে, আমি ইয়াত কাম কৰিব নালাগে। ইয়াৰ পিছতো মই মন্ত্ৰী হৈ বিগত তিনি বছৰত বিটিআৰ, ডিমা হাছাও আৰু কাৰ্বি আংলঙত ৫০০ কোটি টকা জলসম্পদ বিভাগৰ পৰা দিছো।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কাৰ্বি আংলং, ডিমা হাছাও, বিটিআৰৰ ৰাইজৰ প্ৰতি থকা মৰমৰ বাবে আমি নিয়মৰ বাহিৰত গৈ কাম কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওপৰঞ্চি টকা দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কাম কৰি আছে, আমি এনেকৈ কাম কৰি আছো। কিন্তু কেইজনমান মানুহে ইয়াত মিছা মিছা কথা কৈ ৰাজনীতি কৰি আছে। প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকে বিজেপিয়ে অটনোমাছ কাউন্সিলৰ ক্ষমতা কমাব বুলি কৈ ৰাজনীতি কৰে। স্বায়ত্তশাসিত পৰিষদ জিলাকেইখনৰ কাৰণে কাম কৰাৰ খতিয়ান তথ্য-প্ৰমাণসহ দাঙি ধৰি ক্ষমতা কমালো নে বঢ়ালো বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে স্বায়ত্তশাসিত পৰিষদ জিলাকেইখনক আমি শক্তিশালী কৰিছো। মন্ত্ৰীগৰাকীয়ে মিছা কথা কোৱাসকলক সমালোচনা কৰি বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদৰ কি ক্ষমতা কৰ্তন কৰিব বিচাৰিছে, তাৰ প্ৰমাণ দিবলৈও প্ৰত্যাহ্বান জনায়।

তেওঁ লগতে কংগ্ৰেছ চৰকাৰ ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ কিমান টকা ওপৰঞ্চিভাৱে কাম কৰাৰ বাবে দিছিল আৰু বিজেপি চৰকাৰে কিমান টকা দিছে সেই প্ৰশ্নৰ উত্তৰো দলীয় কৰ্মকৰ্তাসকলক বিচাৰিবলৈ আহ্বান জনায়। ভাষণত মন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলক চৰকাৰৰ উন্নয়নমূলক আঁচনি-নীতিসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ আহ্বান জনোৱাৰ লগতে জিলাখনৰ বান নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া কামসমূহৰ বিষয়েও ভাষণত উল্লেখ কৰে। পাহাৰীয়া জিলাখনৰ প্ৰতি মন্ত্ৰী পীযুষ হাজৰীকাৰ এক আৱেগিক সম্পৰ্ক আছে, গতিকে তেওঁলোকৰ সুৰক্ষা-সুবিধাৰ বাবে সকলোপ্ৰকাৰে সহায় কৰিবলৈ মন্ত্ৰীগৰাকী সাজু বুলি ভাষণত উল্লেখ কৰে।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙত কালি মন্ত্ৰীগৰাকী উপস্থিত হৈ জিলা বিজেপিৰ ডংকামোকামস্থিত কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৬নং ডিফু লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা অমৰছিং তিছ' সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ক্ৰমে দৰছিং ৰংহাং আৰু ৰূপছিং টেৰণ, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, প্ৰাক্তন সাংসদ হৰেনছিং বে', বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মাৰ লগতে বিজেপি দলৰ জিলাখনৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

Also Read: জলখানা ভঠুৱাখানা সাহিত্য সভাৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস...

pijush hazarika