/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/69164bb5-8098-45bc-a05b-51e8c63e1267/63.jpg)
ডিজিটেল সংবাদ,বোকাজান : বোকাজানৰ নৱগঠিত লায়ন্স ক্লাৱৰ সমিতিখনৰ আনুষ্ঠানিকভাৱে নাম অন্তৰ্ভুক্ত কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় লায়ন্স ক্লাৱত। ৮নৱেম্বৰৰ সন্ধিয়া বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত ডিমাপুৰ লায়ন্স ক্লাৱৰ পৃষ্ঠপোষকতাত চাৰ্টাৰ উপস্থাপন আৰু অন্তৰ্ভুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/727f6bfa-5512-49f6-8be0-461db4fa3dae/56401678_3e85_4500_8569_191d80f82da0.jpg)
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ ডি জি ডঃ শান্তনু লহকৰ। অনুষ্ঠানত বোকাজান লায়ন্স ক্লাৱৰ ২৪জনীয়া সমিতিখনক নিজ নিজ দায়িত্বভাৰ অৰ্পণ কৰাৰ লগতে শপতগ্ৰহণ কায্যসূচী অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb2371a2-d318-4216-a817-0042a0d234b7/3757a3bd_5ab4_4b87_a5dc_d8a594a01439.jpg)
অনুষ্ঠানত ডিমাপুৰৰ লায়ন্স ক্লাৱৰ সভাপতি সম্পাদকৰ উপৰি বোকাজান বিলাটিমাটি কাৰখানাৰ মহাপ্ৰবন্ধক শৰৎ কুমাৰ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। নতুনকৈ গঠন হোৱা লায়ন্স ক্লাৱৰ সমিতিখনে ইতিমধ্যে প্ৰায় শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰা বুলি জানিবলৈ দিয়ে। আনহাতে অনাগত দিনত বিভিন্ন ঠাইত বিনামূলীয়া চকু চিকিৎসা শিবিৰ,মধুমেহ আৰু ৰক্তচাপৰ শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি মতপোষণ কৰে।