ৰজাপথাৰত হত্যাকাণ্ড : তিৱা সংগঠনৰ মুখ্য কাৰ্যবাহী সদস্যক স্মাৰক পত্ৰ প্ৰদান

ৰজাপথাৰত হত্যাকাণ্ড : তিৱা সংগঠনৰ মুখ্য কাৰ্যবাহী সদস্যক স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
ৰজাপথাৰত হত্যাকাণ্ড : তিৱা সংগঠনৰ মুখ্য কাৰ্যবাহী সদস্যক স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ, হাওৰাঘাট : যোৱা ১৩ আগষ্টৰ দিনা কোনো অজ্ঞাত লোকে কাৰ্বি আংলং জিলা ৰজাপথাৰ টকৌবাৰীৰ দুগৰাকী তিৱা সম্প্ৰদায় লোকক ডিঙি কাটি নিৰ্মমভাৱে চোকা অস্ত্ৰৰে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। গাৱঁখনৰ সমীপত লোক দুজনক হত্যা কৰি পেলাই থৈ যোৱাৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত আৰু শাস্তি প্ৰদানৰ দাবীত শুক্ৰবাৰে তিৱা জাতীয় সংগঠনসমূহে স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

স্মাৰক পত্ৰ প্ৰদান কৰা সংগঠন কেইটা হৈছে- সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা মহিলা সন্থা, কাৰ্বি আংলং জিলা সমিতি। এই আটাইকেইটা সংগঠনৰ এটা প্ৰতিনিধি দলে ডিফুত কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডo তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ প্ৰদান কৰে।

তাৰোপৰি ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি কৰায়ত্ব আৰু শাস্তি প্ৰদানৰৰ দাবী তোলে।লগতে ভুক্তভোগী পৰিয়ালক ১০ লাখকৈ টকা আৰ্থিক সাহৰ্য্য, সংস্থাপন আৰু সীমামূৰীয়া অঞ্চলত এটা অসম আৰক্ষীৰ স্থায়ী বেটেলিয়ান কেম্প স্থাপন কৰাৰ দাবী তোলে।

তিৱা জাতীয় সংগঠনৰ প্ৰতিনিধি দলটোৱে কাৰ্বি আংলং জিলা আয়ুক্ত নিৰলা ফাংচপীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈও উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিনিধি দলটোত কাৰ্বি আংলং জিলা সমিতি তিৱা সাংস্কৃতিক সমাজৰ সভাপতি কুমুদ মিথি, তিৱা সাহিত্য সভাৰ সম্পাদক জনাৰ্দন পাটৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে ৰাহুল দাৰফাং, অচ্যুত মচৰং, উপদেষ্টা বকুল মচৰং, ডিফু আঞ্চলিক সমিতিৰ তিৱা ছাত্ৰ সন্থাৰ সভাপতি ৰূপক মচৰং, তিৱা সাহিত্য সভাৰ সম্পাদক ঋতু মচৰং, সদস্য মান্না পাতৰে অংশ লয়।

Also Read: ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালকক গ্ৰেপ্তাৰ

Haoraghat Tiwa organization