গৌৰৱ গগৈ এগৰাকী দক্ষ সাংসদঃ বিজেপি বিধায়কে দিলে চাৰ্টিফিকেট...

গৌৰৱ গগৈ এগৰাকী দক্ষ সাংসদঃ বিজেপি বিধায়কে দিলে চাৰ্টিফিকেট...

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈ এগৰাকী দক্ষ সাংসদঃ বিজেপি বিধায়কে দিলে চাৰ্টিফিকেট...

গৌৰৱ গগৈ এগৰাকী দক্ষ সাংসদঃ বিজেপি বিধায়কে দিলে চাৰ্টিফিকেট...

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এগৰাকী দক্ষ সাংসদ। গৌৰৱ গগৈক দক্ষ হিচাপে চাৰ্টিফিকেট দিলে বিজেপিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে।

Advertisment

কাৰ্বি আংলঙৰ বিজেপি বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনৰ মতে গৌৰৱ গগৈ দেশৰ এগৰাকী দক্ষ সাংসদ। কিন্তু কংগ্ৰেছ দলৰ হোৱাৰ বাবেই তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত পৰাজিত হ'ব।

সেয়ে তেওঁ দুখ প্ৰকাশ কৰি গৌৰৱ গগৈক বিজেপিত যোগদান কৰিবলৈকো পৰামৰ্শ আগবঢ়াইছে। লোকসভাত বিৰোধী উপ-দলপতি হিচাপেও দায়িত্ব পালন কৰি থকা গৌৰৱ গগৈক এইবাৰ কলিয়াবৰত ৰোধিবলৈ বিজেপিয়ে কৌশল ৰচনা কৰি কাৰ্যক্ষেত্ৰত নামি পৰিছে।

কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, কমাখ্যা প্ৰসাদ তাছাকে ধৰি মন্ত্ৰী, সাংসদসকলে কলিয়াবৰত ইতিমধ্যে গৌৰৱ গগৈক ৰোধিবলৈ সমষ্টিটোৰ গাঁৱে গাঁৱে অভিযান আৰম্ভ কৰিছে। তাৰ মাজতে গৌৰৱ গগৈ প্ৰসংগত ডাঃ নুমল মমনিৰ এই ভাষ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ প্ৰস্তুতিৰ মাজতে এই মন্তব্য কৰিছে ডাঃ নুমল মমিনে। তেওঁ এইবাৰ ডিমা হাছাওৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২৮ খন আসনৰ ভিতৰত ২৫ খনেই দখল কৰবি বুলিও মন্তব্য কৰিছে।

Also Read: ক'ত হেৰাইছিল জিতুল সোণোৱাল...

গৌৰৱ গগৈ ডাঃ নুমল মমিন