/asomiyapratidin/media/media_files/2025/04/09/3cdvi7AGFUhRyPJXBwW8.jpg)
ডিজিটেল সংবাদ খেৰণিঃ অসম-মেঘালয় সীমান্তত বন বিভাগে অভিযান চলায় চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ উমখ্ৰেমীত জব্দ হোৱা এই ট্ৰাকখন মেঘালয়ৰ।
উল্লেখ্য যে, নিশা বন বিভাগে চলোৱা অভিযানত বহু কেইটা কাঠৰ কুণ্ডাসহ জব্দ হৈছে শক্তিমান ট্ৰাক। এই ট্ৰাকখনৰ নম্বৰ এম এল ০৪ ৬১৩৩।
জানিব পৰা মতে কাঠৰ কুণ্ডা ভৰ্তি কৰি ট্ৰাকখনে মেঘালয়ৰ অভিমুখে গৈ থকাৰ সময়তে বন বিভাগৰ অভিযানকাৰী দলটোৱে জব্দ কৰে। অৱশ্যে বন বিভাগৰ লোকৰ অভিযানৰ কথা জানিব পৰা ট্ৰাক এৰি পলায়ন কৰে চালক আৰু বনদস্যুৰ দলটোৱে।
অভিযোগ অনুসৰি মেঘালয়ৰ এই চোৰাং কাঠৰ চক্ৰটোৱে দীৰ্ঘদিন ধৰি অসমৰ বনাঞ্চালত বন ধ্বংস অভিযান চলাই আহিছিল। বন বিভাগৰ অভিযানত এই চক্ৰটোৰ এখন আওপুৰণি শক্তিমান ট্ৰাক জব্দ হোৱাৰ পাছত এতিয়া শীঘ্ৰে এই বহি ৰাজ্যৰ বনদস্যু চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো আহ্বান জনাইছে স্থানীয় ৰাইজে।