/asomiyapratidin/media/media_files/2025/01/27/ZOEI0eQJrQ5ADq8x4wsi.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ এগৰাকী বিশিষ্ট সমাজ-চিন্তক,নিঃস্বাৰ্থ আদৰ্শবাদত আজীৱন ব্ৰতী, সংগঠক, শিক্ষাবিদ, লেখক, সাংস্কৃতিককৰ্মী তথা লাংহিন নিৱাসী ললিত চন্দ্ৰ বসুমতাৰীয়ে ৯৮ বছৰ বয়সত সোমবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। অঞ্চলটোৰ এই বৰেণ্য ব্যক্তিগৰাকী বিগত কিছুদিন বাৰ্ধক্যজনীত ৰোগত আক্ৰান্ত হৈ আছিল।
ললিত বসুমতাৰী কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু উক্ত জিলা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী অৱসৰ প্ৰাপ্ত পৰিদৰ্শক আছিল। ললিত চন্দ্ৰ বসুমতাৰীয়ে ঔপনাসিক অনুৰাধা শৰ্মা পূজাৰীৰ 'চাহেবপুৰাৰ বৰষুণ' উপন্যাসখন বড়ো ভাষালৈ অনুবাদ ('সাহেবপুৰানি অখা') কৰাৰ উপৰিও 'মাখাননি দাওসা,ৰোহান্তা আৰৌ নন্দিয়া' আৰু 'পঢ়াশালি' গ্ৰন্থকেইখন প্ৰকাশ কৰি বড়ো ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে ।
শিক্ষাবিদগৰাকীৰ বিয়োগত লাংহিন নিৱাসী তথা বড়ো সাহিত্য অকাডেমী বঁটা প্ৰাপক ক্ৰমে ড° প্ৰেমানন্দ মুছাহাৰী, অৰবিন্দ উজিৰ ঋতুৰাজ বসুমতাৰী আৰু ৰত্নেশ্বৰ নাৰ্জাৰীৰ লগতে ফুলনী সাহিত্য সভাৰ সভাপতি গগন হাজৰিকা, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ উপ সভাপতি ভৱপ্ৰসাদ দেউৰী, ডিফু সাহিত্য সভাৰ সম্পাদক ইৰাজ কুমাৰ শইকীয়া, কাৰ্বি আংলং জিলা 'আপকু'ৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীকে ধৰি বিশিষ্ট কবি থানেশ্বৰ গয়াৰী, প্ৰজ্ঞা পাৰমিতা বৰুৱা, হাৰ্ভে কাথাৰ, মিল'জা বসুমতাৰী আৰু সাংবাদিক ৰবীন বৰুৱাই গভীৰ দুখ প্ৰকাশ কৰিছে।
সকলোৱে ললিত চন্দ্ৰ বসুমতাৰীৰ মৃত্যু বড়ো জাতিৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। আজি কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাই লাংহিনস্থ কাৰ্যালয়ত তেখেতৰ মৃত্যুত এখন শোক সভা আয়োজন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে।