/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ffb28494-0e5c-49b0-8525-93d767887a47/KOBI_SANMILAN_16.jpg)
৫৬ গৰাকী কবিৰ কবিতাৰে জীপাল ডিফুৰ তাৰালাংছ'ৰ কাৰ্বি যুৱ মহোৎসৱৰ বাকৰি
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছ'ত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি কাৰ্বি লাম্মেত আমেই (কাৰ্বি সাহিত্য সভা) আৰু জনজাতি কল্যাণ গৱেষণা প্ৰতিষ্ঠান, ৰাংছিনা ভৱন, ডিফুৰ যুটীয়া উদ্যোগত আজি বহুভাষিক কবি সন্মিলন অনুষ্ঠিত কৰা হয়। বালিমাহি খ্যাত কবি তথা পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ সঞ্চালনাত অনুষ্ঠিত বহুভাষিক কবি সন্মিলনত জিলাখনৰ কাৰ্বি, বড়ো, তিৱা, অসমীয়া, নেপালী আদি জনগোষ্ঠীয় ভাষাৰ ৫৬ গৰাকী নবীন প্ৰবীণ কবিৰ কবিতা পাঠেৰে ডিফুৰ তাৰালাংছ'ৰ কাৰ্বি যুৱ মহোৎসৱথলি জীপাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/15202beb-5f2e-4748-bcbf-00c0641d0c68/c2fce830_16fb_419d_a5f8_66bccdb0c82e.jpg)
এই বহুভাষিক কবি সন্মিলনত পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চে আৰু উপ-সভাপতি ভৱপ্ৰসাদ দেউৰীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি লাম্মেত আমেইৰ নৱ নিৰ্বাচিত সভাপতি কামছিং হাঞ্চে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/90ae8301-dade-40f9-839b-5eb14324e083/09eee06a_1995_4677_8a93_b3178a72be6b.jpg)
অনুষ্ঠানত ৫৬ গৰাকী কবিয়ে কবিতা পাঠ কৰাসকলৰ ভিতৰত উল্লেখযোগ্য কবিসকল হৈছে ক্ৰমে -হাৰ্ভে কাথাৰ, মণিকা টেৰণপী, মঞ্জু হাজৰিকা, সাবিত্ৰী গগৈ, জয়ছিং টকবি, গীতা বৰা, ৰূপালী বসুমতাৰী, বিদুল বৰুৱা, মঞ্জু টেৰণপী, ৰশ্মিৰিয়া গগৈ, ইৰাজ কুমাৰ শইকীয়া, মিল'জা বসুমতাৰী, কৰবি ডেকা ফুকন, হাংমিজি হাঞ্চে, বিদ্যাৰাম ছিংনাৰ, কৃষ্ণ দৈমাৰী, ৰাণু ক্ৰপী, মুনমালা মহন্ত, কামিনী বড়ো, দীপালী আমফি, ধৰ্মেন্দ্ৰ খাখলাৰী, হাৰছিং ইংতি, ধনিৰাম তিছ', বিষ্ণু নিৰুলা, গীতা হাঞ্চেপী, পুতুল চেতিয়া, ড° মনালিছা ৰংপিপী, ড° কাদম্বিনী তেৰাংপী, বৰছিং আৰ হাঞ্চে আদি ।
Also Read: ধেমাজিত ২২,৩৮৫ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ...