সৰবৰহী যুৱক কিৰণ গোৱালাৰ দেহাৱসানত শোক...

কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী তথা 'আপকু' কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি বীৰেন গোৱালাৰ জেষ্ঠ ভাতৃ কিৰণ গোৱালাই আজি শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
সৰবৰহী যুৱক কিৰণ গোৱালাৰ দেহাৱসানত শোক...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা 'আপকু' কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি বীৰেন গোৱালাৰ জেষ্ঠ ভাতৃ কিৰণ গোৱালা(৪৫)ৰ  শুকুৰবাৰে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

Advertisment

প্ৰয়াত কিৰণ গোৱালা ফুলনি ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত থকাৰ সময়তে তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজসেৱাৰ কাম কৰি আহিছিল। সাংবাদিক বীৰেন গোৱালাৰ জেষ্ঠ ভাতৃ কিৰণ গোৱালাৰ অকাল বিয়োগৰ খবৰ জানিব পাৰি আছাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ 'আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে কাৰ্বি আংলং জিলা সমিতিৰ বিষয়ববীয়া সকলেও শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

মৃত্যুৰ সময়ত পত্নী, মাতৃ, দুজন ভাতৃ, এগৰাকী কন্যা আৰু এজন পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ যায় । তেওঁৰ অকাল বিয়োগত সমগ্ৰ ফুলনি অঞ্চলতে শোকৰ ছাঁ পেলায় ।

হাওৰাঘাট