কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ডিফু সাহিত্য সভাৰ সহযোগত দেওবাৰে ডিফুৰ লৰুলাংছস্থিত ৰাংছিনা ভৱনত জিলা সাহিত্য সভাৰ এক পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভবেন কোচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে হৰিমোহন জিগদুং আৰু নৰেন্দ্ৰ নাথ হাজৰিকা, অসম সাহিত্য সভাৰ ডিফুস্থিত আঞ্চলিক ভৱনৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন বৰাকে প্ৰমুখ্যে কৰি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ অন্তৰ্গত সকলো শাখাৰ লগতে জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট কবি সাহিত্যিক তথা সাহিত্য অনুৰাগীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, উক্ত সভাতেই অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান যথাক্ৰমে "কুঁহি',' "আকাশ'' আৰু "ৰামধেনু''ৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ উপৰি আগন্তুক সময়ত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰতিটো শাখাক পূৰ্বতকৈও অধিক কাৰ্যক্ষম কৰি কি দৰে অগ্ৰগতি লাভ কৰিব পাৰি সেই ক্ষেত্ৰতো বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভবেন কোঁচে জানিবলৈ দিয়ে।

Also Read: লোকসভাৰ অধ্যক্ষ কোন হ'বঃ JDU, TDPক কিদৰে সন্তুষ্ট কৰিব বিজেপিয়ে, অভিযানত নামিব প্ৰধানমন্ত্ৰী...

ডিফু সাহিত্য সভা