আজিৰে পৰা কাৰ্বি যুৱ সমাৰোহ, নসাজেৰে তৈয়াৰ কৰি তোলা হৈছে কাৰ্বি আংলং

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা কাৰ্বি যুৱ সমাৰোহ, নসাজেৰে তৈয়াৰ কৰি তোলা হৈছে কাৰ্বি আংলং

ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হ'ল ৪৯ সংখ্যক কাৰ্বি যুৱ সমাৰোহ । আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ডিফু চহৰৰ সৈতে সমগ্ৰ কাৰ্বি আংলঙক । প্ৰতি বছৰৰ দৰেই কাৰ্বি সাংস্কৃতিক সমাজে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তাৰালাংছুৰ 'কাৰ্বি পিপলছ হল'ত উদযাপন কৰি আহিছে এই সমাৰোহ ।

Advertisment
  User
User
  User
User
  User
User
  User
User
কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং ক্ৰ'  User
কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং ক্ৰ' User

চন্দ্ৰ সিং ক্ৰ'ৰ সভাপতিত্বত কাৰ্বি সাংস্কৃতিক সমাজে আয়োজন কৰা এই ৫ দিনীয়া কাৰ্যসূচীৰ ১৬ ফেব্ৰুৱাৰীৰ মূল আকৰ্ষণীয় অনুষ্ঠান সমূহত ক্ৰমে, কুঁকি সাংস্কৃতিক গোষ্ঠী, মেছ কছাৰী সাংস্কৃতিক গোষ্ঠী, বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠী, ৰাভা সাংস্কৃতিক গোষ্ঠীৰ প্ৰদৰ্শন কৰা হ'ব।

একেদৰেই ১৭ ফেব্ৰুৱাৰীত গোৰ্খা, আদিবাসী, বড়ো সাংস্কৃতিক গোষ্ঠীৰ, ১৮ ফেব্ৰুৱাৰীত তিৱা, গাৰো, খাচী তথা অন্তিম দিনা কাৰ্বি পৰম্পৰাগত সংগীত সংস্কৃতি আৰু গৱেষণা ইনষ্টিটিউট, ডিমাছা, ৰেংমা আৰু অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ প্ৰদৰ্শন কৰা হ'ব।

উল্লেখ্য যে, এই যুৱ সমাৰোহৰ সৈতে সংগতি ৰাখি ১৬ তাৰিখে সম্বৰ্ধনা জনোৱা হ'ব গুৱাহাটিস্থিত উত্তৰ-পূৱ ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰৰ নিৰ্দেশক ড০ প্ৰসন্ন গগৈ আৰু উপ-নিৰ্দেশক জেদ. হৌছাক । একেদৰে ১৭ তাৰিখে নেপালৰ প্ৰখ্যাত সাহিত্যিক ড০ টংক প্ৰসাদ নিউপানে, নেপালৰ মেছি নেত্ৰালয়ৰ নিৰ্দেশক ডা: শৰৎ চন্দ্ৰ ৰায় আৰু নেপালৰ মাকালু সাহিত্য সমাজৰ সভাপতি তথা প্ৰখ্যাত সাহিত্যিক তাৰা বাহাদুৰ বুদাথকি যুৱ সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ইয়াৰ উপৰিও যুৱ সমাৰোহৰ পাচোটা দিনতেই অন্যান্য বহু অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

আৰু পঢ়ক : পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...

karbi youth festival