/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b2738309-6552-4b9e-95ea-0aed9bf50a36/AP_FOR_WEB_apsc.jpg)
ডিজিটেল ডেস্কঃ APSC কেলেংকাৰী গ্ৰেপ্তাৰ হল পুনৰ এজন। সোমবাৰে SITয়ে গ্ৰেপ্তাৰ কৰিলে ADCP সুকন্যা দাসক। আজি এছআইটিৰ সন্মুখত হাজিৰ হৈছিল সুকন্যা দাস।
APSCত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগ সুকন্যা দাসৰ বিৰুদ্ধে। ৬খন বহীৰ সলনি বিষয়াগৰাকীৰ আছে ৪খন বহী । ২খন উত্তৰ বহী ভুৱা APS গৰাকীৰ।
উল্লেখ্য যে, এপিএছপি কেলেংকাৰীত কেইবাগৰাকী বিষয়াৰ নাম সাঙোৰ খাইছে। কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ এচিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰবহীৰে চাকৰিত উত্তীৰ্ণ হৈছিল দাস। ৰাকেশ দাসৰ পিতৃৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ বাবেই ৰাজপত্ৰিত বিষয়া হৈছিল ৰাকেশ দাস। FSLৰ ৰিপ'ৰ্টত পোহৰলৈ আহিছিল বিস্ফোৰক তথ্য।
ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছিল যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰ আৰু ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱা। অৰ্থাৎ ৪ জনকৈ বৃদ্ধি পালে এই কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা।
Also Read: জালুকবাৰী আৰক্ষী থানাত অঘটনঃ চুৰিৰ অভিযুক্তই আৰক্ষীৰ জিম্মাত ল'লে চিপ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us