/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4b4e17d3-29a4-4c01-a6e3-e268609fd985/Pistal.jpg)
ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলঙৰ মাঞ্জা তিনিআলিত চি আৰ পি এফ আৰু কাৰ্বি আংলং আৰক্ষীৰ অভিযান। অভিযানত এখন অল্ট’ বাহনৰ পৰা জব্দ কৰিছে মাৰণাস্ত্রসহ আপত্তিজনক নথি-পত্র। এই অভিযানত কাৰ্বি আংলঙৰ নতুন উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলচ্ ফ্ৰ'ণ্ট অৱ কাৰ্বি আংলঙৰ (UPFKL)ৰ ৪১খন লেটাৰ হেড জব্দ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/eeeb5d50-2f18-4ca6-8d0e-2613263ec35e/d237dbe1_cacb_432d_a231_acf8659f9e03.jpg)
তদুপৰি অভিযানকালত আৰক্ষীয়ে আটক কৰিছে সংগঠনটোৰ দুই সদস্যক। আটকাধীন দুই সদস্য হ'ল ৰাজেশ ফাংচ' আৰু সঞ্জয় ইংতি। উল্লেখ্য আৰক্ষীয়ে জব্দ কৰা মাৰণাস্ত্রসমূহৰ ভিতৰত আছে গোলা-বাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ। য'ত সন্নিৱিষ্ট আছে এটা ৯ এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ৯জাঁই সক্রিয় গুলী, ৩টা হেণ্ড গ্রেনেড, ২টা ডিটেনেটৰ। আনহাতে আৰক্ষীয়ে আৰু অধিক মাৰণাস্ত্রৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
Also Read: চতিয়াত ৩বাইক চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ