ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী...

কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী...

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী।

Advertisment

নিহত হোৱা বাইক আৰোহীজন ফুলনি দেছয় টেৰণ গাঁৱৰ নিবাসী ছিং ৰংফাৰ (৬০) বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি নগাওঁ দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা ২৩-বি এইছ- ৪৭৯২- এ নম্বৰৰ ব'লেনো বাহনখনে এ এছ-০২-৫৪৫৭ নম্বৰৰ বাইকত খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

ঘটনাস্থলীত ইতিমধ্যেই উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। উল্লেখ্য আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুলৈ প্ৰেৰণ কৰিছে।

Also Read: জীয়াভৰলীত গা-ধুবলৈ গৈ ৪ দিন ধৰি সন্ধানহীন ছাত্ৰ...

Assam police