/asomiyapratidin/media/media_files/2025/06/21/1-et-2025-06-21-10-43-22.jpg)
ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ সমগ্ৰ বিশ্ব লগতে পশ্চিম কাৰ্বি আংলঙৰ সদৰস্থিত হামৰেনতো ১১সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ সংগতি ৰাখি আজি চছেং মণ্ডল সমিটি সৌজন্যত যোগ দিৱস উদযাপন কৰে ৷
হামৰেন টাউন হলৰ প্ৰাংগনত আয়োজিত আন্তৰাষ্ট্ৰীয় যোগ দিৱসত অংশ লয় ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিচ্চু, চছেং সমষ্টিৰ এমএচি হেটচিং ৰংফাৰৰ লগতে হামৰেন মনিচিপাল বৰ্ডৰ অধ্যক্ষ ৰমেন পাতৰ সহ শতাধিক পুৰুষ মহিলা সকলে।
যোগ দিৱসত অংশ গ্ৰহণ কৰা সকলো পুৰুষ-মহিলা সকলক যোগ প্ৰশিক্ষকে শাৰীৰিক ব্যায়াম তথা যোগাসন কৰায়।