বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় ১ কোটি ১৫ লাখ টকাৰ মূল্যৰ কানি জব্দ

এখন ট্ৰাক আৰু চালকক আটক

author-image
Asomiya Pratidin
New Update
বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় ১ কোটি ১৫ লাখ টকাৰ মূল্যৰ কানি জব্দ

বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় ১ কোটি ১৫ লাখ টকাৰ মূল্যৰ কানি জব্দ

ডিজিটেল সংবাদ বোকাজানঃবোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্মৰ নেতৃত্বত ডীলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকা তালাচীত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকত তালাচী চলাই ১১.৫ কিলোগ্ৰাম কানি জব্দ কৰে।

Advertisment

AS 01 MC 0639 নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে তালাচী চলাই মুঠ বাৰটা পেকেটত এই কানিখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক অমিত সিঙক আটক কৰি তদন্ত অব্যাহত ৰাখে।

আৰক্ষীয়ে জব্দ কৰা কানিখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ১ কোটি ১৫ লাখ হ'ব বুলি জানিব পৰা গৈছে ।

Also Read: বিহালী আৰু চামগুৰিত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...

বোকাজান কানি