/asomiyapratidin/media/media_files/2025/04/07/mimumgN2vmpj6YPji409.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত পশু সখী প্ৰয়াত চামেলি ক্ৰ'পীৰ নামত আজি এক শোক সভা অনুষ্ঠিত কৰা হয়। সভাত হাওৰাঘাট উন্নয়ন খণ্ড আৰু লাংছমেপী উন্নয়ন খণ্ডৰ অধীনৰ শতাধিক জীৱিকা সখী, পশু সখী, কৃষি সখী, বেংক মিত্ৰ, CRC- EP, বীমা সখী, DiGi pay সখী আৰু হাওৰাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মাৰ লগতে উন্নয়ন খণ্ডৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
জানিব পৰা অনুসৰি হাওৰাঘাট উন্নয়ন খণ্ডৰ পশু সখী হিচাপে জড়িত থাকি আৱাজ প্লাছৰ হিতাধীকাৰীৰ ঘৰৰ জিঅ' টেগৰ কাম কৰি থকাৰ সময়তে কিছুদিন আগতে পশু সখী প্ৰয়াত চামেলি ক্ৰ'পীৰ উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই আজি শোকসভা অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ।
শোক সভাত উপস্থিত থাকি তেওঁৰ সতীৰ্থ বান্ধৱীয়ে অকাল মৃত্যুক সাৱটি লোৱা চামেলিৰ পৰিয়ালক আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াবৰ বাবে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং আৰু মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।