কালীচৰণ ব্ৰহ্মৰ জন্মদিনটো Restricted Holiday পালনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

কালীচৰণ ব্ৰহ্মৰ জন্মদিনটো Restricted Holiday পালনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

author-image
Asomiya Pratidin
New Update
কালীচৰণ ব্ৰহ্মৰ জন্মদিনটো Restricted Holiday পালনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ,হাওৰাঘাটঃ চৰাইকলাৰ বন বিভাগৰ অতিথিশালাত দেওবাৰে কেইবাটাও দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে কালীচৰণ ব্ৰহ্ম ষ্ট্ৰাটৰ বিষয়ববীয়াই।গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম দিনটো চৰকাৰী বন্ধ দিৱস হিচাপে পালন,ৰূপসী বিমান বন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত ৰখাৰ লগতে মুঠ ১৬ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। এই সন্দৰ্ভত কালীচৰণ ব্ৰহ্মৰ জন্ম দিনটো Restricted Holiday হিচাপে পালনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Advertisment

উক্ত আলোচনাত অংশগ্ৰহণ কৰে ক্ৰমে বি টি আৰ'ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ষ্ট্ৰাটৰ সভাপতি ড° অজিত বড়ো,সম্পাদক পিয়াৰী মোহন ব্ৰহ্ম,অংকুৰ ব্ৰহ্ম,সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰচাৰ সংসদৰ সচিব বিদ্যাসাগৰ ব্ৰহ্ম,এছ নাৰ্জাৰী,যতীন্দ্ৰ বসুমতাৰী আদি উপস্থিত থাকে। এই আলোচনাকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপসী বিমান বন্দৰৰ নাম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ৰাখিবৰ বাবে বিধানসভাৰ কেবিনেটত আলোচনাৰ যোগেদি কাৰ্যকৰী কৰাৰ কথা দোহাৰে।

Also Read: বেকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন...

Restricted Holiday Kalicharan Brahma