হাওৰাঘাটক উপ জিলা গঠনৰ বাবে চৰকাৰলৈ আহ্বান বিশিষ্ট নাগৰিকৰ

হাওৰাঘাটক উপ জিলা গঠনৰ বাবে চৰকাৰলৈ আহ্বান বিশিষ্ট নাগৰিকৰ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাক হাওৰাঘাট উপ জিলা গঠনৰ বিষয়কলৈ দেওবাৰে পুৱা ১১বজাত চহৰখনৰ কিৰাত ভৱনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। ভৱেশ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত হাওৰাঘাটৰ বৃহত্তৰ অঞ্চলটোৰ শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকে ।

সভাত হাওৰাঘাট উপ জিলা গঠনৰ বাবে বিশদভাৱে আলোচনা কৰাৰ অন্তত 'হাওৰাঘাট উপ জিলা কাৰ্যকৰীকৰণ সমিতি' নামেৰে এখনি সমিতি গঠন কৰা হয়। এই সমিতিখনত অশোক হাঞ্চুক সভাপতি, অজিত মিলিকক কাৰ্যকৰী সভাপতি, আহিৰাম বড়োক উপ সভাপতি, মোহিত হাজৰিকাক সাধাৰণ সম্পাদক, অনিল হাজৰিকা আৰু মাধৱ বৰাক সম্পাদক, জান বৰা আৰু ধৰ্মেন্দ্ৰ খাখলাৰীক প্ৰচাৰ সম্পাদক, দিগন্ত বৈশ্যক কাৰ্যালয় সম্পাদক আৰু জিন্টু হাজৰিকাক সাংগঠনিক সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া হাওৰাঘাট উপ জিলা কাৰ্যকৰীকৰণ সমিতিখন গঠন কৰা হয় ।

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি এই সাধাৰণ সভা আৰু সংবাদ মাধ্যমৰ যোগেদি বিগত ২০১৬ চনতে হাওৰাঘাট মহকুমা হিচাপে স্বীকৃতিপ্ৰাপ্ত হাওৰাঘাটক উপ জিলা গঠনৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে বিশিষ্ট নাগৰিকসকলে। উল্লেখ্য যে, সভাত তৰুণ চন্দ্ৰ সন্দিকৈ, অনিল হাজৰিকা, ভোগধন মেধি, অশোক হাঞ্চু, অজিত বসুমতাৰী, সাগৰ দাস, মোহিত হাজৰিকা, আহিৰাম বড়ো, জিন্টু হাজৰিকা, অজিত মিলিক আদি বহু বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে।

হাওৰাঘাটক উপ জিলা গঠনৰ বাবে চৰকাৰলৈ আহ্বান বিশিষ্ট নাগৰিকৰ
বিকাশৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in