Advertisment

হাওৰাঘাটত নিজ পকেটৰ ধনেৰে কৃষকক জলসিঞ্চন সমস্যা দূৰ কৰাৰ আশ্বাস বিধায়ক দৰছিং ৰংহাঙৰ...

আজি হাওৰাঘাটৰ খেতিয়কৰ কাষত উপস্থিত হৈ নিজৰ পকেটৰ ধন খৰচ কৰি খেতি পথাৰলৈ পানী যোগানৰ বাবে প্ৰতিশ্ৰুতি দিলে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে।

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত নিজ পকেটৰ ধনেৰে কৃষকক জলসিঞ্চন সমস্যা দূৰ কৰাৰ আশ্বাস বিধায়ক দৰছিং ৰংহাঙৰ...

ডিজিটেল সংবাদ হাওৰাঘাটঃ বিধানসভাৰ মজিয়াক কৃষকৰ সমস্যাৰ সন্দৰ্ভত মাত মাতিয়েই দায়িত্ব সামৰাৰ পৰিবৰ্তে এগৰাকী বিধায়কে নিজেই কৃষকৰ সমস্যা সমাধানৰ বাবে পথাৰত হাতে-কামে নামি পৰিছে। 

Advertisment

খেতিয়কৰ কাষত উপস্থিত হৈ নিজৰ পকেটৰ ধন খৰচ কৰি খেতি পথাৰলৈ পানী যোগানৰ বাবে নিজেই প্ৰতিশ্ৰুতি দিলে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে। বিধায়ক ৰংহাঙৰ এনে প্ৰতিশ্ৰুতিত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে হাওৰাঘাটৰ গৰখীয়া পুখুৰী, দক্ষিণ দীঘলীপাৰৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ।  

উল্লেখ্য যে, এই গাওঁ কেইখনৰ কৃষক ৰাইজে খেতি পথাৰলৈ পানী যোগানৰ বাবে নলা মেৰামতিৰ বাবে আবেদন জনাইছিল। কৃষক ৰাইজৰ সেই আবেদনৰ প্ৰতি সহাৰি জনায়েই বিধায়ক ৰংহাঙে মংগলবাৰে ডিফুৰ পৰা পোনে পোনে দক্ষিণ দীঘলীপাৰ আৰু গৰখীয়া পুখুৰী গাঁৱৰ কৃষক ৰাইজৰ কাষত উপস্থিত হয়গৈ। 

তেওঁ দীঘলী পানী নদীত থকা শ্লুইছ গেটত ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ অহা ফেব্ৰুৱাৰী মাহত নিজৰ পকেটৰ ধনেৰে নলা মেৰামতিৰ আশ্বাস  প্ৰদান কৰে। তাৰোপৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাজেটত জলসিঞ্চন বিভাগৰ অধীনত কৃষকসকলৰ সুবিধা হোৱাকৈ এক্সন প্লেনত আঁচনি ধৰি দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। 

বিধায়কগৰাকীৰ এনে প্ৰতিশ্ৰুতিত স্বাভাৱিকতে কৃষকসকলৰ মুখত হাঁহি বিৰিঙিছে। তেওঁলোকে বিধায়কগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই ফেব্ৰুৱাৰীত মাহত নেলা মেৰামতি আৰু পৰৱৰ্তী সময়ত জলসিঞ্চনৰ আঁচনি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। 

জলসিঞ্চন বিভাগ হাওৰাঘাট