সমাজ কৰ্মী উত্তম টেৰণলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা...

১৮ এপ্ৰিলত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬৫ সংখ্যক জন্ম তিথিত প্ৰদান কৰা হ'ব এই বঁটা

author-image
Asomiya Pratidin
New Update
সমাজ কৰ্মী উত্তম টেৰণলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা...

সমাজ কৰ্মী উত্তম টেৰণলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা...

ডিজিটেল সংবাদ হাওৰাঘাটঃ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৬ সংখ্যক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৪ সমাজকৰ্মী উত্তম টেৰণলৈ আগবঢ়োৱা হৈছে। সমাজকৰ্মী তথা ব্ৰহ্ম ধৰ্মৰ স্ৰষ্টা আৰু ব্ৰহ্ম সমাজৰ গুৰু কালিচৰণ ব্ৰহ্মই একালত বড়ো জনগোষ্ঠীয় লোকসকল শিক্ষা, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশত অতিকৈ পিছ পৰি থকাৰ বাবেই ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি বড়ো জাতিক কেনেকৈ বিশ্বদৰবাৰত আগুৱাই নিবলৈ সক্ষম হ'ব পাৰে সেই উদ্দেশ্যে ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰি সমাজখন আগুৱাই নিবলৈ চেষ্টা কৰিছিল।

Advertisment

এই সন্দৰ্ভত মংগলবাৰে অনুষ্ঠিত কৰা সভাৰ সিদ্ধান্ত আৰু গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ড° অজিত বড়োৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি উল্লেখ কৰি কয় যে, পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক তথা নিস্বাৰ্থভাৱে মানৱ আৰু সমাজৰ বাবে উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবেই উত্তম টেৰণক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

এই বঁটাত নগদ ৫০,০০০ টকা আছে। অহা ১৮ এপ্ৰিলত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬৫ সংখ্যক জন্ম তিথি উপলক্ষে অনুষ্ঠিত হ'বলগীয়া এখন সভাত এই বঁটা প্ৰদান কৰা হ'ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

Also Read: নগাঁও আৰক্ষীৰ জালত ঠগ-প্ৰৱঞ্চক আব্দুল মালেক...

গুৰুদেৱ কালিচৰণ ব্ৰহ্ম