হাওৰাঘাটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ডঃ জাহ গ'ল ১৮ খনকৈ দোকান...

হাওৰাঘাটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল ১৮ খনকৈ দোকান

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ডঃ জাহ গ'ল ১৮ খনকৈ দোকান...

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত উত্তৰ বৰবিলৰ কালিবাৰীৰ শিমলুতলা বজাৰত দেওবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত জুই লাগি বজাৰখন ভস্মীভূত হৈ পৰে। বজাৰখনৰ বহুকেইখন দোকান নিমিষতে জাহ যায় ।

Advertisment

উত্তৰ বৰবিলৰ কালিবাৰী বজাৰত ১৮ খন দোকান আৰু এটা ধানবনা মিল জুইত জাহ যায় । এই দুৰ্ঘটনাত কেইবা লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হৈছে । বৰ্তমানলৈ জানিব পৰা নাই জুইৰ সূত্ৰপাতৰ কাৰণ ।

Also Read: দুহাতহীন হৈও গেম খেলি ধন উপাৰ্জন কৰা এজন যুৱক...

fire