/asomiyapratidin/media/media_files/2025/03/03/4BjZQjBo7ZlE3reZ3Tsu.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ নামতৰাডুবিৰ নিবাসী, উচ্চ শিক্ষিত যুৱক ব্যক্তি ধ্ৰুৱ বৰদলৈয়ে বহুতৰে বাবে দাঙি ধৰিছে আদৰ্শ। শিক্ষা সমাপ্ত কৰি আন দহজনৰ দৰে চৰকাৰী চাকৰিৰ প্ৰতি আশা কৰি নাথাকি স্বাৱলম্বীতাৰ পথ নিজেই নিৰ্ধাৰণ কৰিছে।
বৰদলৈয়ে তৰাডুবিৰ বজাৰ (চিকামাৰী) ত থকা অসম গ্ৰামীণ বিৰাশ বেংকৰ নিচেই কাষতে প্ৰথমে এখন হাৰ্ডৱেৰ দোকান খুলি ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াতে থমকি নৰৈ তেওঁ নিজকে এগৰাকী সফল কৃষক হিচাপেও গঢ়ি তুলিছে।
বৰ্তমান এতিয়া অঞ্চলটোৰ এগৰাকী সফল তথা আদৰ্শবান খেতিয়ক ধ্ৰুৱ বৰদলৈ। বৰদলৈয়ে কাৰ্বি আংলং জিলা কৃষি বিভাগৰ টুম্প্ৰেং চক্ৰৰ এ ডি অ’ মিৰ্জেং টেৰাঙৰ পৰামৰ্শ মতে বৃহত্তৰ তৰাডুবিত এখন বাগান গঢ়ি তুলিছে। সেই বাগানত তেওঁ তামোল, মালভোগ, চেনিচম্পাকে ধৰি কেইবাটাও প্ৰজাতিৰ কল, অমিতা, বগৰী, লিচু, মধুৰী, নেমু, কুঁহিয়াৰ আদি ফলৰ খেতি কৰিছে।
তাৰোপৰি তেওঁ এই বাগানত ৰঙালাও, বৰ কচু, কবি, বেঙেনা আদিৰ খেতি কৰিছে। এইদৰেই তেওঁ এতিয়া কৃষি কৰ্মৰেও অঞ্চলটোত আদৰ্শৰ চানেকি দাঙি ধৰিছে। তেওঁৰ পৰিকল্পিত এই কৃষি বাগানৰ প্ৰতি এতিয়া বহুজনৰে আকৰ্ষণো বৃদ্ধি পাইছে।
ইফালে শেহতীয়াকৈ তেওঁ ব্যৱসায়ো সম্প্ৰসাৰণ কৰিছে। স্থানীয় এজন যুৱকৰ সৈতে মিলি নতুনকৈ খুলিছে এখন কাপোৰৰ বিপণী। চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি এইদৰে নিজৰ লগতে আনৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰা ধ্ৰুৱ বৰদলৈ এতিয়া অঞ্চলটোৰ এগৰাকী আদৰ্শবান কৃষক তথা ব্যৱসায়ী। বৰদলৈয়ে তেওঁৰ দৰেই নিবনুৱা যুৱকসকলক চাকৰিলৈ অপেক্ষা নকৰি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ পথ ল'বলৈ পৰামৰ্শ দাঙি ধৰিছে।