/asomiyapratidin/media/media_files/2025/02/03/0vw3rKBcRnRee2koInTV.jpg)
ডিজিটেল সংবাদ খেৰণিঃ জ্ঞান আহৰণৰ লক্ষ্যৰে যান্ত্ৰিকতাৰ পৰা আঁতৰি ডিমা হাছাওৰ প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত আটোৰ-কিমি একাডেমীৰ শিক্ষাৰ্থীৰ সমাগম। পাঠদান তথা শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া শ্ৰেণীকোঠাৰ ভিতৰতে আৱদ্ধ নাৰাখি উমৰাংচ" গ'ল্ফ ক'ৰ্চত এইবাৰ আটোৰ-কিমি একাডেমীৰ শিক্ষৰ্থীক দেখিবলৈ পোৱা গ'ল আটোৰ-কিমি একাডেমী কৰ্তৃপক্ষই অনুষ্ঠিত কৰা কুইজ, চিত্ৰাংকণ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা।
মননশীল চিন্তাৰে এনেদৰে প্ৰাকৃতিক পৰিৱেশত শিক্ষৰ্থীয়ে প্ৰতিযোগিতাৰ জৰিয়তে জ্ঞান অৰ্জন কৰাৰ সুযোগ লাভ কৰি অপাৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় শিক্ষাৰ্থীসকল। বিশেষকৈ অন্য জিলাৰ তুলনাত শিক্ষা ক্ষেত্ৰত পিছপৰি থকাৰ তথ্য পোৱা যায় পাহাৰীয়া জিলা কাৰ্বি আংলঙত।
তেনে সময়তে কিন্তু শিক্ষাৰ প্ৰসাৰ, প্ৰচাৰ আৰু শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্যৰে কাৰ্বি আংলঙত বলিষ্ঠ ভূমিকা লোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলাখনত ২০০৭ চনৰ পৰা শিপাবলৈ ধৰা আটোৰ-কিমি একাডেমিয়ে। শেহতীয়াকৈ জেংখা আৰু ডিফুস্থিত আটোৰ-কিমি একাডেমিয়ে শিক্ষাৰ মান, পৰীক্ষাৰ ফলাফল, আন্তঃগাঁথনি, অনুশাসন আদিয়ে সচেতন আৰু অভিভাৱকৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে পাহাৰীয়া জিলাখনত।