/asomiyapratidin/media/media_files/2025/04/10/BrX4RVEmHhuKa9E8xH0o.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত বকলীয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ 'উৰুলি' উন্মোচন আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । এই উপলক্ষে বৃহস্পতিবাৰে বকলীয়াঘাটত বকলীয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জনতা শইকীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় ।
সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে চিনাকি পৰ্বৰ আঁত ধৰে সম্পাদিকা ৰিজু কাকতিয়ে । সভাত ডিফু কলেজৰ অধ্যাপিকা গীতা হাঞ্চেপীয়ে 'উৰুলি' উন্মোচন কৰে । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ দিয়ে ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাই ।
সভাত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী, বিশিষ্ট লেখিকা সাবিত্ৰী গগৈ, প্ৰতিষ্ঠাপক সভানেত্ৰী সাদৰী বৰুৱা গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষভাৱে বৰঙণি আগবঢ়োৱা কেইবাগৰাকী সদস্যাক সম্বৰ্ধনা জনোৱাৰ লগতে লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা অনলাইন যোগে অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ।
আনহাতে লেখিকা সমাৰোহ সমিতিৰ লগত জড়িত থাকি বিশেষভাৱে অৱদান আগবঢ়াই থৈ যোৱা প্ৰয়াত মিনু লাংথাছা, প্ৰয়াত অনুপ্ৰভা হাজৰিকা আৰু প্ৰয়াত বীনা সন্দিকৈক মৰণোত্তৰভাৱে সন্মান জনোৱা হয় । সভাত কাৰ্বি লামেত আমেইৰ সভাপতি কামছিং হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বাৰিম ইংতি, প্ৰাক্তন সভাপতি ভৱেন কোচ, অধ্যাপিকা গীতা হাঞ্চেপী, কন্ঠশিল্পী জয়মতী নাৰ্জাৰী, প্ৰাক্তন সভানেত্ৰী সাবিত্ৰী গগৈ, সম্পাদিকা স্বৰ্ণালী গগৈ, প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী আদি উপস্থিত থাকে ।