বোকাজানত দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে এজনকঃ থিতাতে নিহত স্কুটি আৰোহী

বোকাজানত দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে এজনকঃ থিতাতে নিহত স্কুটি আৰোহী

author-image
Asomiya Pratidin
New Update
বোকাজানত দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে এজনকঃ থিতাতে নিহত স্কুটি আৰোহী

ডিজিটেল সংবাদ,বোকাজানঃ বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিলে স্কুটি আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন। লগতে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 09 E 9576 নম্বৰৰ স্কুটি খন।

Advertisment

নিহত স্কুটী আৰোহীজন মিথুন পাছৱান (28) বুলি জানিব পৰা গৈছে। তেওঁ বোকাজান চিমেণ্ট কাৰখানাত কৰ্মৰত আছিল। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওঁতে ট্ৰেইলাৰ খনে যুৱকজনক মহতিয়াই নিয়ে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰখনৰ নম্বৰ NL 01 AH 8140। দুৰ্ঘটনাৰ পিছতে ট্ৰেইলাৰখনে পলায়ন কৰে যদিও চালকসহ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়।

Bokajaan