কাৰ্বি আংলং জিলা বড়ো গাঁৱৰ গাওঁবুঢ়া সন্থাৰ বছৰেকীয়া সভা...

কাৰ্বি আংলং জিলা বড়ো গাওঁ গাওঁবুঢ়া সন্থাৰ বছৰেকীয়া সভাত মুখ্য আলোচ্য বিষয় হৈছে-ডাইনী হত্যা আৰু বাল্য বিবাহ বন্ধ কৰা
কাৰ্বি আংলং জিলা বড়ো গাঁৱৰ গাওঁবুঢ়া সন্থাৰ বছৰেকীয়া সভা...

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলা বড়ো গাওঁ গাওঁবুঢ়া সন্থাৰ ১৪ সংখ্যক বছৰেকীয়া সভা হাওৰাঘাটৰ দুমুখী জালজুৰি গাঁৱত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কাৰ্যসূচী অনুসৰি শুকুৰবাৰৰ দুপৰীয়াৰে পৰা প্ৰতিনিধিৰ আগমন ঘটে।

প্ৰতিনিধি শিবিৰৰ দুৱাৰ মুকলি কৰে মনৰাম বসুমতাৰীয়ে। কাৰ্বি আংলং জিলা গাওঁ গাওঁবুঢ়া সন্থাৰ সভাপতি মুনিন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই প্ৰতিনিধি সভা। গাওঁ গাওঁবুঢ়া সন্থাৰ সম্পাদক ইশ্বান বসুমতাৰীয়ে আঁত ধৰা প্ৰতিনিধি সভা উদ্বোধন কৰে পমফলা বসুমতাৰীয়ে।

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ৰবিৰাম নাৰ্জাৰীয়ে । উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক বড়ো গাওঁ গাওঁবুঢ়া, চৰকাৰী গাওঁ গাওঁবুঢ়া উপস্থিত থকা এই গাওঁবুঢ়া সন্থাৰ বছৰেকীয়া সভাত বড়োসকলৰ মাজত চলি অহা অন্ধবিশ্বাসৰ বলি হৈ ডাইনী হত্যাৰ দৰে কুসংস্কাৰ আৰু বাল্য বিবাহৰ দৰে অভিশাপ স্বৰূপ এই বিষয়বোৰ আলোচনাত গুৰুত্ব দিয়াৰ উপৰি বড়োসকলৰ মাজত দেখা দিয়া কিছুমান সমস্যাৰ ওপৰতো আলোচনা কৰা হয়।

কাৰ্বি আংলং জিলা বড়ো গাঁৱৰ গাওঁবুঢ়া সন্থাৰ বছৰেকীয়া সভা...
10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in