/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d4e1e8f8-9e07-4880-9ead-2a905efbec29/lachit_gogoi_22.jpg)
নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ জামিন মঞ্জুৰ...
ডিজিটেল ডেস্কঃ দুটাকৈ টেলিফোনিক কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা বিজেপিৰ নিলম্বিত নেতা লাচিত গগৈৰ জামিন মঞ্জুৰ। ডিফুৰ চি জে এম আদালতে আজি মঞ্জুৰ কৰে লাচিত গগৈৰ জামিন।
ডিফু থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছে নেতাজনে। অৱশ্যে এতিয়াও তেওঁ খটখটি আৰক্ষী থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰা নাই। যাৰ বাবে
এতিয়াও তেওঁৰ মুকলি আকাশকৰ তললৈ অহাৰ পথ মুকলি হোৱা নাই। জে'লতেই থাকিব লাগিব তেওঁ। এই গোচৰটোৰ সন্দৰ্ভত অহা সোমবাৰে অনুষ্ঠিত হ'ব শুনানি।
উল্লেখ্য যে, আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ সৈতে দুটাকৈ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছিল লাচিত গগৈৰ। ইয়াৰে প্ৰথমটো কল ৰেকৰ্ডিঙত তপন গগৈক আঁতৰাই কিদৰে লাচিত গগৈক যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ টিকট প্ৰদান কৰিব আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কি ক'লে সেইবোৰ কথা আলোচনা হৈছিল।
আনহাতে দ্বিতীয়টো কল ৰেকৰ্ডিঙত চুপাৰী ছিণ্ডিকেটৰ বাবে ১৬ লাখকৈ টকাৰ লেনদেন সম্পৰ্কে আলোচনা হৈছিল। লাচিত গগৈয়ে কিদৰে আৰক্ষীক মেনেজৰ বাবে আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ হাতত দিয়া ধন ঘূৰাই বিচাৰিছিল এই দ্বিতীয়টো কল ৰেকৰ্ডিঙত।
Also Read: হে' ধৰ্মবীৰ, জেহাদীৰে তোমাৰ পাৰ্থক্য কি?