/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/tk0dk8n5/haoragjhat-26.jpg)
হাওৰাঘাটত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ সজাগতা অভিযানৰ কাৰ্যসূচী..
ডিজিটেল সংবাদ হাওৰাঘাটঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত আৰু আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দূৰীকৰণৰ বাবে সজাগতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিজ্ঞান ভিত্তিক এক সজাগতা সভা অনুষ্ঠি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/i8kvrxqu/f7a38f36-cab8-44c0-a4ba-cf823e2faa24.jpg)
উক্ত সভাত হাওৰাঘাট খণ্ডৰ অধীনৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক - শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় গন্য,মান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাত সভাপতিত্ব কৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ উপ সভাপতি কৰুণা কান্ত বড়োই।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ সন্দিকৈ, হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত আৰু আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্বি আংলং জিলাৰ সমন্বয়ক ভৱানন্দ খাখলাৰী, জ্যেষ্ঠ শিক্ষকদ্বয় কৃষ্ণ ৰাজবংশী আৰু পদ্মৰাম শইকীয়া।
অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিসকলে ভাষণ প্ৰসংগত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ।
ভাষণত বক্তাসকলে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসে কেনেদৰে আমাৰ সমাজ ব্যৱস্থাক বিপথে পৰিচালিত কৰিছে তাৰ ওপৰত এক বৃষ্টিত পৰ্যালোচনা আগবঢ়ায়। তেওঁলোকে সৰ্পদংশন, বেজ-বেজালি, কবিৰাজ, তাবিজ-মাদলি ইত্যাদিৰ বিষয়ে এক গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়।
বৰ্তমানেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উত্তৰণৰ সময়তো অন্ধবিশ্বাসে সমাজ ব্যৱস্থাক বিপথে পৰিচালিত হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। ইপিনে অনুষ্ঠানৰ শেষত বিজ্ঞানভিত্তিক অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।
Also Read: গণতন্ত্ৰত ৰাজতন্ত্ৰৰ গোন্ধ ! বঙহৰ বিৰুদ্ধে বঙহৰেই যুঁজ...