ডিফুত অনুষ্টুপীয়াভাৱে অসম দিৱস উদযাপন...

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো সোমবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় অসম দিৱস। জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বৰ অসমৰ সৃষ্টিকৰ্তা স্বৰ্গদেউ চ্যাও ল্যুং চুকাফাৰ সোঁৱৰণত ৰাজ্যজুৰি এই দিৱস পালন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ডিফুত অনুষ্টুপীয়াভাৱে অসম দিৱস উদযাপন

ডিজিটেল সংবাদ হাওৰাঘাট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো সোমবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় অসম দিৱস। জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বৰ অসমৰ সৃষ্টিকৰ্তা স্বৰ্গদেউ চ্যাও ল্যুং চুকাফাৰ সোঁৱৰণত প্ৰতিবছৰে ৰাজ্যজুৰি এই দিৱস পালন কৰা হৈ আহিছে।

Advertisment

সেই লৈ কাৰ্বি আংলং টাই আহোম কালচাৰেল ছচাইটিৰ সৌজন্যত ডিফুৰ ধৰমনালাস্থিত চুকাফা ভৱনত উদযাপন কৰা হয় এই দিৱস। দিৱসৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে সভাপতি চাও পুতুল চেতিয়াই৷

ইয়াৰ পিছতে মৈদাম তৰ্পন কৰে কাৰ্যকৰী সভাপতি চাও প্ৰিয়ৰাম দিহিঙ্গীয়াই৷ আনহাতে উপদেষ্টা চাও বিমল বুঢ়াগোঁহায়ে স্বৰ্গদেউ  চ্যুকাফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উপদেষ্টা চাও অমুল্য গগৈয়ে উপাসনা গৃহ ৰণ চাও চ্যেঙত সমূহীয়াকৈ আইচিং লাউ নামেৰে প্ৰাৰ্থনা কৰা হয়।

ডিফু অসম দিৱস