ডকমকাত সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডকমকাত সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ডকমকাত সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ডকমকাত দেওবাৰে ডকমকা তেলী বস্তী দুৰ্গা মন্দিৰ প্ৰাংগণত ডকমকা আঞ্চলিক সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলা ভিত্তিত সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কাৰ্যসূচী অনুযায়ী পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চেইনলাল চাহুয়ে আৰু সহযোগ কৰে তেলী চাহু সমাজৰ জিলা সভাপতি দিলীপ চাহুয়ে ।

Advertisment

ইয়াৰোপৰি স্মৃতি তৰ্পণ ও শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সম্পাদক দূতনাথ চাহুয়ে লগতে সহযোগ কৰে পৰিষদৰ জিলা সম্পাদক সমাৰু চাহু আৰু কৈলাশ চাহুয়ে । তাৰ লগে লগে কলা-সাংস্কৃতিক নৃত্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা তথা চৰকাৰী গাঁওবুঢ়া চৌগন চাহু আৰু পৰিষদৰ সহ-সম্পাদক সুখীৰাম চাহুয়ে ।

আনহাতে সভাৰ মুকলি মঞ্চৰ উদ্ধোধন কৰে পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা জনক চাহু আৰু ডকমকা আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক লক্ষ্মণ চাহু আৰু জিতেন চাহুয়ে । ইপিনে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ভাগত এখনি মুকলি সভাও আয়োজন কৰা হয় ।

মুকলি সভাত সভাপতিত্ব কৰে পৰিষদৰ জিলা সভাপতি নাৰায়ণ চাহুয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ জিলা সহ-সম্পাদক সুখীৰাম চাহুয়ে । আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক দূতনাথ চাহুয়ে ।

উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'ই । সভাত উপষ্ঠিত থাকি কাৰ্বি পৰিষদৰ অধ্যক্ষ গৰাকীয়ে আনুষ্ঠানিক শিক্ষা আৰু ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাৰুৱা ভাষণ প্ৰদান কৰে ।

আনহাতে উক্ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আছাৰ ডকমকা আঞ্চলিক সমিতিৰ সহ-সম্পাদক বিনয় মাৰ্ডী, তেলী চাহু সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৈলাশ চাহু, চৰকাৰী গাঁওবুঢ়া ও সমাজ সেৱক চৌগন চাহু, লগতে কেন্দ্ৰীয় উপদেষ্টা জনক চাহুৰ লগতে সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ ডকমকা, হাওৰাঘাট আৰু ৰজাপথাৰ আঞ্চলিক সমিতিৰ সমূহ সদস্য-সদস্যাৰ লগতে তেলী বস্তিৰ সমূহ স্থানীয় ৰাইজ।

Also Read: ম্যানমাৰ চৰকাৰ -এনএছচিএন আঙ মাই গোটৰ মাজত যুদ্ধ বিৰতিৰ পৰিকল্পনাক লৈ সকীয়নী এন এছ চি এন ৱাই এ গোটৰ

Haoraghat All Assam Teli (Sahu) Yuva Chatra Parishad DOKMOKA