গণতন্ত্ৰ দিৱসৰ ৰেলীত প্ৰধানমন্ত্ৰীৰ শ্ৰেষ্ঠ কামাণ্ডৰৰ বঁটা প্ৰাপ্ত কাৰ্বি আংলঙৰ জীয়ৰীক উষ্ম আদৰণি

গণতন্ত্র দিৱসৰ কাৰ্যসূচীৰ ৰেলীত NCC ৰ কামাণ্ডাৰ হিচাবে অংশগ্রহণ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পাৰখোৱা গাৰোৱস্তি জীয়ৰী গ্ৰেছী মাৰাকে লাভ কৰে শ্ৰেষ্ঠ কামাণ্ডাৰৰ বঁটা।

author-image
Asomiya Pratidin
New Update
গণতন্ত্ৰ দিৱসৰ ৰেলীত প্ৰধানমন্ত্ৰীৰ শ্ৰেষ্ঠ কামাণ্ডৰৰ বঁটা প্ৰাপ্ত কাৰ্বি আংলঙৰ জীয়ৰীক উষ্ম আদৰণি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ দেশৰ ৭৬ সংখ্যক গণতন্ত্র দিৱসৰ কাৰ্যসূচীত প্ৰধান মন্ত্ৰী ৰেলীত NCC ৰ কামাণ্ডাৰ হিচাবে অংশগ্রহণ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পাৰখোৱা গাৰোৱস্তি জীয়ৰী গ্ৰেছী মাৰাকে লাভ কৰে প্ৰধান মন্ত্ৰীৰ শ্ৰেষ্ঠ কামাণ্ডাৰৰ বঁটা। এই সাফল্যৰ বাবে দিল্লীৰ পৰা ঘৰলৈ উভতি অহা গ্ৰেছী মাৰাক'ক গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য, গীত-মাতৰ লগতে ঢোলে-দগৰে উষ্ম আদৰিণ জনাই নিজ গৃহ জিলা পাৰখোৱাৰ  ৰাইজে।  

Advertisment

উক্ত আদৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ প্ৰকাচ চাংমাং, পৰ্যটন উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ ধৰম ছিং ক্ৰ প্ৰমুখ্যে গাৰো সংগঠন, স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

গণতন্ত্ৰ দিৱস