তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে বাইক সহ ৩জনক, থিতাতে মৃত্যু, এতিয়াও ট্ৰাকৰ তলত মৃতদেহ

তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে বাইক সহ ৩জনক, থিতাতে মৃত্যু, এতিয়াও ট্ৰাকৰ তলত মৃতদেহ

author-image
asomiyapratidin
New Update
তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে বাইক সহ ৩জনক, থিতাতে মৃত্যু, এতিয়াও ট্ৰাকৰ তলত মৃতদেহ

ডিজিটেল ডেস্ক: ৰবিবাৰে দুপৰীয়াৰ ভাগত কাৰ্বি আংলঙৰ ডিফুৰ বিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
এখন চিমেণ্ট ভৰ্তি ট্রাকে মহটিয়াই নিলে বাইকসহ ৩জনক।

এগৰাকী মহিলা আৰু এটি কিশোৰকে ধৰি ৩জন থিতাতে নিহত হয় এই দুৰ্ঘটনাৰ ফলত। বৰ্তমানেও ট্রাকৰ তলত সোমাই আছে দুটাকৈ মৃতদেহ।

এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোককেইজন । তিনিওজন একেটা পৰিয়ালৰ বুলি সন্দেহ কৰা হৈছে । দুৰ্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ NL-07 R 2744। ট্রাকখনৰ নম্বৰ AS-01 DD 9654।

আৰু পঢ়ক: টি এম পি কেৰ  ডাংধৰা আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

assam karbi anglong road accident