ভূত বাংলালৈ ৰূপান্তৰিত বোকাজানৰ ব্লক কংগ্ৰেছৰ কাৰ্যলয়…

ভূত বাংলালৈ ৰূপান্তৰিত বোকাজানৰ ব্লক কংগ্ৰেছৰ কাৰ্যলয়…

author-image
asomiyapratidin
New Update
ভূত বাংলালৈ ৰূপান্তৰিত বোকাজানৰ ব্লক কংগ্ৰেছৰ কাৰ্যলয়…

ডিজিটেল সংবাদ, বোকাখাত: যিটো সময়ত কাৰ্বি আংলঙত পৰিষদীয় নিৰ্বাচনৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দল প্ৰচাৰৰ বাবে দিন ৰাতি একাকাৰ কৰি উঠি পৰি লাগিছে,তাৰ বিপৰীতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছৰ ব্লক কাৰ্যলয়ত এখন পুতৌ লগা ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Advertisment

বোকাজান স্থিত ব্লক কংগ্ৰেছৰ কাৰ্যলয়তো বৰ্তমান নাই কোনো এজন প্ৰাৰ্থী নাই কোনো এজন দলীয় কৰ্মকৰ্তা,তাৰ বিপৰীতে দুটা কুকুৰে কাৰ্যলয়তো ৰক্ষণাবেক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখন দেখি এনে অনুভৱ হয় যে,নিৰ্বাচনৰ প্ৰকমুহূৰ্তত কেন্দ্ৰিয় ৰাজনৈতিক কংগ্ৰেছে কাৰ্বি আংলংত আত্মসমৰ্পণ কৰিলে নেকি ?

যিটো ৰাজনৈতিক দলে বছৰ বছৰ ধৰি কাৰ্বি আংলং পৰিষদখন শাসন কৰি আহিছিল, কিন্তু আজি এনে পুতৌ লগা অৱস্থাই উদঙাইছে দলটোৰ দুৰ্বলতাৰ কথা ।

আৰু পঢ়ক: পঞ্জাৱত জনপ্রিয় কণ্ঠশিল্পীক গুলীয়াই হত্যা…

assam bokakhat