নগাঁৱত অনুষ্ঠিত হোৱা কাৰাটে ড’ প্ৰশিক্ষন শিবিৰৰ সফল সামৰণি

নগাঁৱত অনুষ্ঠিত হোৱা কাৰাটে ড’ প্ৰশিক্ষন শিবিৰৰ সফল সামৰণি

author-image
asomiyapratidin
New Update
নগাঁৱত অনুষ্ঠিত হোৱা  কাৰাটে ড’ প্ৰশিক্ষন শিবিৰৰ সফল সামৰণি

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ ডিমৰুগুৰিত চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰাটে প্ৰশিক্ষন শিবিৰটি শুকুৰবাৰে সন্ধিয়া অন্ত পৰে ৷

নগাঁও কাৰাটে ড' সন্থা (জে কে এ আই)ই আয়োজন কৰা প্ৰশিক্ষন শিবিৰটোত ৩২ জন প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সৰ্বভাৰতীয় বিশ্ববিদ্যালয় কাৰাটে ড' প্ৰতিযোগিতা চেম্পিয়ন আবাব চাংড' আৰু অৰুনাচলৰ প্ৰশিক্ষক জন চাংড'য়ে ৷

সন্ধিয়া প্ৰশিক্ষনৰ অন্তত এক সামৰনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ অসম ৰাজ্যিক কাৰাটে সংস্থাৰ উপ সভাপতি লীলা বৰা , নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে আয়োজক পংকজ মুদৈ, নিত্য কুমাৰ পাটৰ , প্ৰান কৃষ্ণ সেনাপতি আদি উপস্থিত থাকে ৷

আৰু পঢ়ক: ছেম ষ্টেফৰ্ডৰ মৃত্যু প্ৰসংগ! আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে CJM আদালতে…

nagaon assam