/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/Capture-1.png)
ডিজিটেল সংবাদ , নগাঁও : নগাওঁ কলেজ (অট'নমাচ) ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত বুধবাৰে 'যুদ্ধৰ ছায়াত সাহিত্য ,সাহিত্যত যুদ্ধৰ ছায়া' শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷ বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা কৰবী ডেকা হাজৰিকাই চলিত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ হৃদয়বিদাৰক প্ৰতিচ্ছবি বৰ্ণনা কৰি কয় যে "যুদ্ধই সৃষ্টি কৰা মানৱতাবাদৰ সংকটক সাহিত্যই ধৰি ৰাখে।
দুটা ৰাজ শক্তিৰ মাজৰ যুদ্ধত নিৰীহ প্ৰজা মৃত্যুমুখত পৰে।এই কথাবোৰে মন ভাৰাক্ৰান্ত কৰে আৰু মানুহ হিচাপে আমাৰ অন্তৰত আঘাত কৰে ।যুদ্ধৰ বিভিষিকা খিনি দিনৰ পাছত দিন উজাগৰে থকা, পাহৰিব নোৱাৰা অভিজ্ঞতা,এই অভিজ্ঞতা সমূহে লেখকৰ কলমত সাহিত্যৰ ৰূপ পায়।'গীতা'ৰ দৰে এখন বিশ্ববিখ্যাত গ্ৰন্থ যুদ্ধক্ষেত্ৰক কেন্দ্ৰ কৰি ৰচিত হৈছিল বুলি হাজৰিকাই উল্লেখ কৰে ৷
উপাধ্যক্ষা বন্তি নেওঁগৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে।ভাষণত ড° বৰকটকীয়ে কয় যে মানুহৰ জীৱনেই হৈছে সাহিত্যৰ অংগ।যুদ্ধত মানৱতাবোধ কৰ্পূৰৰ দৰে উৰি যায়।মধ্যযুগৰ ৰজা-মহাৰজাসকলৰ দৰে আজিও বহু দেশৰ মুৰব্বীসকলে ক্ষমতা,কৰ্তৃত্ত্ব,প্ৰভূত্ব বিস্তাৰ কৰি মানৱতাবোধক কবৰ দিছে।
সেয়েহে যুগে যুগে যুদ্ধ,নিঃসংগতা,দুৰ্ভীক্ষ সাহিত্যৰ চিৰন্তন বিষয়বস্তু হৈ আহিছে। বক্তৃতানুষ্ঠানত উপাধ্যক্ষ ড° ৰামপ্ৰসাদ পউৰেল কে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দীপক কুমাৰ বৰাই তেখেতৰ অনুভৱ ব্যক্ত কৰে। ছাত্ৰ ছাত্ৰী সকলৰ লগত অধ্যাপিকা ডেকা হাজৰিকাই মতবিনিময় কৰে আৰু শলাগৰ শৰাই আগবঢ়াই অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° মানস জ্যোতি নিৰ্মলীয়াই। নগাওঁ কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
আৰু পঢ়ক: মহিলা আৰক্ষী বিষয়াক প্ৰলোভন দি ৰঙাঘৰত ভুৱা অ'এন জি চি বিষয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us