আৰক্ষী বিষয়াৰ ভুৱা পৰিচয়ৰে গৰু বেপাৰীৰ পৰা ধন সংগ্ৰহ শিক্ষকৰ...

কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দি আহিছিল ভুৱা পৰিচয়

author-image
Asomiya Pratidin
New Update
আৰক্ষী বিষয়াৰ ভুৱা পৰিচয়ৰে গৰু বেপাৰীৰ পৰা ধন সংগ্ৰহ শিক্ষকৰ...

আৰক্ষী বিষয়াৰ ভুৱা পৰিচয়ৰে গৰু বেপাৰীৰ পৰা ধন সংগ্ৰহ শিক্ষকৰ...

ডিজিটেল সংবাদ হাজুঃ পুনৰ শিক্ষাবৃত্তিক কলুসিত কৰিলে এজন শিক্ষকে। নিজকে আৰক্ষী বিষয়া হিচাপে পৰিচয় দি ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱাই নহয় ৰাইজৰ ৰোষৰো বলি হ'ল মণ্টু ছাৰ ওৰফে যতীন কলিতা। জানিব পৰা মতে যতীন কলিতাই নিজকে কঞা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পৰিচয় দি এজন গৰু ব্যৱসায়ীক ধন দাবী কৰিছিল।

Advertisment

গৰু ব্যৱসায়ী ৰৌচন আলীয়ে অভিযোগ কৰা মতে দীৰ্ঘদিন ধৰি যতীন কলিতাই নিজকে কঞা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পৰিচয় দি তেওঁক ধন দাবী কৰি আহিছিল। প্ৰথমে ৰৌচন আলীয়ে যতীন কলিতাক ১০ হাজাৰ টকা দিছিল যদিও পাছত তেওঁৰ সন্দেহ হয়।

সেয়ে তেওঁ কঞা থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক এই বিষয়ে অৱগত কৰে। কঞা থানাৰ প্ৰকৃত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰৌচন আলীক দিয়া পৰামৰ্শ অনুসৰিয়েই যতীন কলিতাক ধন নিবলৈ তেওঁৰ বাসগৃহলৈ মাতে।

সেই মতেই দাবী কৰা ধন নিবলৈ আহি যতীন কলিতা ধৰা পৰে। প্ৰথমে উত্তেজিত ৰাইজে তেওঁক লপাথপা দিয়ে। অৱশ্যে আৰক্ষীয়ে তাৎক্ষণিকভাৱে যতীন কলিতাক আটক কৰে আৰু ৰৌচন আলীৰ এজাহাৰৰ ভিত্তিত পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে।

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত হৈয়ো যতীন কলিতাই এইদৰে গৰু ব্যৱসায়ীক ভুৱা পৰিচয়ৰে ধন দাবীৰ দৰে কাৰ্যত লিপ্ত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমান্তৰালকৈ কঞা থানা এলেকাত দালালৰ দৌৰাত্ম্য শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে। স্থানীয় ৰাইজে এনে দালালক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে।

Also Read: অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...

কঞা আৰক্ষী থানা গৰু ব্যৱসায়ী হাজু