‘মিছন চাইনা’ৰ অভিলেখ ভংগ কৰিলে ‘কাঞ্চনজংঘা’ই…

‘মিছন চাইনা’ৰ অভিলেখ ভংগ কৰিলে ‘কাঞ্চনজংঘা’ই…

author-image
asomiyapratidin
New Update
‘মিছন চাইনা’ৰ অভিলেখ ভংগ কৰিলে ‘কাঞ্চনজংঘা’ই…

ডিজিটেল ডেস্কঃ মিছন চাইনাৰ ৰেকৰ্ড ভংগ কৰিলে জুবিন গাৰ্গৰেনতুন ছবি কাঞ্চনজংঘাই। হয়, ৬ ছেপ্টেম্বৰত বিগৃহত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ নতুনছবিখনে ৰচিলে এক নতুন অভিলেখ। মাত্ৰ এটা সপ্তাহৰ ভিতৰতে ছবিখনে উপাৰ্জন কৰিলে ২.৯০কোটি টকা।

'কাঞ্চনজংঘা'ৰ প্রথম সপ্তাহৰ উপাৰ্জন জুবিন গাৰ্গৰ পূৰ্বৰছবি 'মিছন চাইনা'ৰ প্রথম সপ্তাহৰ উপাৰ্জনতকৈ অধিক। উল্লেখ্য যে, মিছন চাইনাৰমুক্তি লাভ কৰা প্রথমটো দিনৰ উপাৰ্জন আছিল ৩৯.৪ লাখ টকা। ইফালে, কাঞ্চনজংঘাৰ প্ৰথমদিনৰ উপাৰ্জন ৪০ লাখ টকা।

৮ ছেপ্টেম্বৰ, ২০১৯ত মুক্তি লাভ কৰিছিল জুবিনৰ ছবি মিছনচাইনাই। তাৰপাছত ছবিখনে উপাৰ্জন কৰা হাৰ ক্ৰমে-

  • শুকুৰবাৰঃ ৩৯.৯৭ লাখ।
  • শনিবাৰেঃ ৩৯.৫ লাখ।
  • দেওবাৰঃ ৪৯ লাখ।
  • সোমবাৰঃ ৩১ লাখ।
  • মঙলবাৰঃ ২৮ লাখ।
  • বুধবাৰঃ ৩২ লাখ।
  • বৃহস্পতিবাৰঃ ২৫ লাখ।

আনহাতে, ২০১৯ৰ ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জুবিনৰকাঞ্চনজংঘাই উপাৰ্জন কৰিলে মিছন চাইনাতকৈ অধিক ধন। কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহতউপাৰ্জন কৰা ধনৰ হাৰ ক্ৰমে-

  • শুকুৰবাৰঃ ৪০ লাখ।
  • শনিবাৰেঃ ৩৮.৫ লাখ।
  • দেওবাৰঃ ৫৯.১ লাখ।
  • সোমবাৰঃ ৩৯.৮ লাখ।
  • মঙলবাৰঃ ৪৪.৫ লাখ।
  • বুধবাৰঃ ৩৫.৫ লাখ।
  • বৃহস্পতিবাৰঃ ৩১.৪ লাখ।

একাংশ দৰ্শকে ছবিখন চোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে,কাঞ্চনজংঘা ৰূপত জুবিন গাৰ্গে অসমবাসীৰ বাবে এখন খুবেই ভাল ছবি উপহাৰ দিছে। আৰুছবিখনৰ প্ৰতিটো দিশত ভালদৰে কাম কৰা হৈছে।

লক্ষণীয়ে যে, ২০১৭চনত মুক্তি লাভ কৰা মিছন চাইনাই প্ৰথমটো সপ্তাহত মুঠ ২.৪৪ কোটি টকা উপাৰ্জন কৰিছিল। আৰু ইয়াৰ বিপৰীতে জুবিনৰ নতুন ছবি কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহতে উপাৰ্জন কৰিলে ২.৯০ কোটি টকা। তদুপৰি ছবিখনে বৰ্তমানলৈ অৰ্থাৎ মুক্তি পোৱাৰ ১০দিনলৈ উপাৰ্জন কৰিলে মুঠ ৩.৯ কোটি টকা।