ঢকুৱাখনাৰ ৯৬ বছৰীয়া সমাজহিতৈষী কনকেশ্বৰ শইকীয়াৰ বিয়োগ

ঢকুৱাখনাৰ ৯৬ বছৰীয়া সমাজহিতৈষী কনকেশ্বৰ শইকীয়াৰ বিয়োগ

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ ৯৬ বছৰীয়া সমাজহিতৈষী কনকেশ্বৰ শইকীয়াৰ বিয়োগ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ২ নং বাটমাৰী গাঁও নিবাসী ,বৰ্ষীয়ান সমাজসেৱী কনকেশ্বৰ শইকীয়াৰ দেওবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে । লোকনিৰ্মান বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ধৰ্মপ্ৰাণ ব্যক্তি শইকীয়া কিছুদিন পূৰ্বে স্বগৃহত পৰি সামান্য আঘাতপ্ৰাপ্ত হৈছিল ।

Advertisment

পৰৱৰ্তী  সময়ত নিজা গৃহতে চিকিৎসাধীন  হৈ থকা প্ৰায় ৯৬ বছৰীয়া শইকীয়াই কালি নিশা প্ৰায় ৭-৩৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে । লোকনিৰ্মান বিভাগৰ "অভাৰচিয়াৰ" হিচাবে  নিষ্ঠাবান সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা  ধৰ্মপ্ৰাণ শইকীয়াই মৃত্যুৰ সময়ত পত্নী লীলাৱতী বৰুৱা শইকীয়া ,৪ পুত্ৰ ,৩ কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত  এৰি থৈ যায় ।

সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলটোৰ ভিতৰত বৰ্ষীয়ান ব্যক্তি হিচাপে পৰিচিত প্ৰবীণ সমাজহিতৈষী শইকীয়াৰ বাৰ্ধক্যজনিত  কাৰণত বৈকুণ্ঠ গামী হোৱাৰ খবৰ পাই অজস্ৰ গুণমুগ্ধ আৰু ঘিলামৰা ,ঢকুৱাখনাৰ বিভিন্ন সামাজিক সংগঠনে শইকীয়াৰ বাসগৃহলৈ আহি অন্তিম  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰিছে ।

আৰু পঢ়ক: কলঙৰ ৰুদ্ৰ ৰূপ : নগাঁও চহৰৰ বানৰ কবলত…

assam dhakuakhana