বাজেটত কনকলতা বিশ্ববিদ্যালয়ৰ ঘোষণাকলৈ উৎফল্লিত গহপুৰীয়া

কাৰোবাৰ মতে যদি স্থানীয় বিধায়কৰ সফলতা,আন কোনোৰ মতে মুখ্যমন্ত্ৰীয়ে গহপুৰবাসীক দিয়া মৰমৰ উপহাৰ
বাজেটত কনকলতা বিশ্ববিদ্যালয়ৰ ঘোষণাকলৈ উৎফল্লিত গহপুৰীয়া

ডিজিটেল সংবাদ,গহপুৰঃ আজি উত্থাপিত ২০২৩-২৪ বৰ্ষৰ বাজেটত গহপুৰত ছহিদ কনকলতা বৰুৱাৰ নামত বিশ্ববিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰকাৰৰ ঘোষণাকলৈ সমগ্ৰ গহপুৰত আনন্দৰ জোৱাৰ উঠিছে। উত্তৰ অসমৰ মধ্যমস্থল গহপুৰত এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে বহুদিনৰ পৰা ৰাইজে দাবী উত্থাপন কৰি আহিছে।

বৃহস্পতিবাৰে সদনত কনকলতা বৰুৱাৰ নামেৰে গহপুৰত বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ লগে লগে গহপুৰ চহৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। গহপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত ছহিদ কনকলতা-মুকুন্দ কাকতি স্মৃতি উদ্যানত সমবেত ৰাইজে কনকলতা বিশ্ববিদ্যালয় ঘোষণাৰ ক্ষণত ছহিদ যুগলৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে এই ঘোষণাৰ কৃত্বিত্বৰ দাবীদাৰো ওলাইছে বহুত। কাৰোবাৰ মতে যদি স্থানীয় বিধায়কৰ সফলতা,আন কোনোৰ মতে মুখ্যমন্ত্ৰীয়ে গহপুৰবাসীক দিয়া মৰমৰ উপহাৰ।

সেয়া যিয়েই নহওক গহপুৰ বিজেপিৰ নেতা-কৰ্মীৰ লগতে গহপুৰৰ বহুকেইগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু ৰাইজ উপস্থিতি হৈ ছহিদ কনকলতা-মুকুন্দ কাকতি স্মৃতি উদ্যানত আনন্দ উল্লাস প্ৰকাশ কৰে। আনহাতে গহপুৰ চহৰৰ মাজেৰে ৰাইজে এক শোভাযাত্ৰা উলিওৱাৰ উপৰি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে।

বাজেটত কনকলতা বিশ্ববিদ্যালয়ৰ ঘোষণাকলৈ উৎফল্লিত গহপুৰীয়া
বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in