/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7ee8051e-2b75-469d-aedb-64a2a92c3664/kanak.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক, শিল্পী, সমাজকৰ্মী, কনক কন্দলীৰ শনিবাৰে নিশা তেখেতৰ বৰ্তমানৰ বাসগৃহত নগাঁও চহৰৰ খুটিকটীয়াত পৰলোকপ্ৰাপ্ত হয়। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ মাজগাঁৱৰ এক ঐতিহাসিক সংস্কৃত 'কন্দলী পৰিয়াল'ৰ সদস্য কনক কন্দলী ভাওনাৰ সুদক্ষ অভিনেতা আছিল। বিশেষকৈ ৰাসৰ কৃষ্ণ আৰু হৰমোহনৰ মোহিনীৰ অভিনয়েৰে অঞ্চলবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।
কৃতী শিক্ষক কনক কন্দলী হিন্দী বিষয়ৰ সমল শিক্ষক হোৱাৰ ওপৰিও 'অসমীয়া গদ্য সাহিত্য আৰু কবিতা'ৰো এগৰাকী সমল শিক্ষক আছিল। অতি ঘৰুৱা আৰু থলুৱা উপমাৰে প্ৰতিটো পাঠ শিক্ষাৰ্থীৰ মন-মগজুত সুমুৱাই দিবলৈ সক্ষম হোৱা কন্দলী শিক্ষাৰ্থী সকলৰ বাবে সচা অৰ্থত 'Friend philosopher and guide' আছিল।
মৰমীয়াল, মৃদুভাষী, সৰবৰহী, শিল্পী শিক্ষক গৰাকীৰ মৃত্যুত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট, মাজগাঁৱৰ ৰাইজকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
আৰু পঢ়ক: অসম গ্ৰন্থমেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; জনসমুদ্ৰ দেখি অভিভূত...