বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কামৰূপ জিলা দিৱস পালন...

কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কামৰূপ জিলা দিৱস পালন উপলক্ষে সন্ধিয়া বন্তি প্ৰজ্বলন...
বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কামৰূপ জিলা দিৱস পালন...

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শুকুৰবাৰে কামৰূপ জিলা দিৱস পালন কৰা হয়। কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত উন্নয়ন খণ্ডৰ কাৰ্যালয়টোত জিলা দিৱস উপলক্ষে দিনৰ ভাগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

খণ্ড উন্নয়ন বিষয়া বৈশালী ভট্টাচাৰ্য্যৰ লগতে কাৰ্যালয়টোত কৰ্মৰত আন কেইবাজনো বিষয়া কৰ্মচাৰীয়ে উক্ত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি কাৰ্যালয়টোৰ চৌহদ আলোকিত কৰি তোলা হয়।

সন্ধিয়া বন্তি প্ৰজ্বালন কাৰ্যসূচীত খণ্ড উন্নয়ন বিষয়া বৈশালী ভট্টাচাৰ্য্যৰ লগতে বিহদিয়া জাজিকোনা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মিনতী দেবী তথা কাৰ্য্যালয়টোৰ আন বিষয়া কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰে।

বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কামৰূপ জিলা দিৱস পালন...
অসমীয়া খাদ্য খাই বিচাৰকৰ প্ৰশংসা: ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নয়নজ্যোতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in