কামৰূপ জিলাৰ কৃষকক “মেৰী পলিচি মেৰে হাথ” অভিযানৰ পলিচি বিতৰণ…

কামৰূপ জিলাৰ কৃষকক “মেৰী পলিচি মেৰে হাথ” অভিযানৰ পলিচি বিতৰণ…

author-image
asomiyapratidin
New Update
কামৰূপ জিলাৰ কৃষকক “মেৰী পলিচি মেৰে হাথ” অভিযানৰ পলিচি বিতৰণ…

ডিজিটেল ডেস্ক : 'আজাদী কা অমৃত মহোৎসৱ ইণ্ডিয়া@৭৫' অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ২০২২ বৰ্ষৰ খাৰিফ বতৰত "মেৰী পলিচি মেৰে হাথ" নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে ১ ছেপ্টেম্বৰ ২০২২ৰ পৰাই কৃষি বিভাগৰ তত্ত্বাৱধানত নিৰ্দিষ্ট বীমা কোম্পানীৰ প্ৰতিনিধিৰ জৰিয়তে আঁচনিত পঞ্জীয়নভুক্ত প্ৰতিজন কৃষকক পলিচি সম্পৰ্কীয় নথি-পত্ৰ দুৱাৰ দলিতে তুলি দিয়া হয় ৷

এই কাৰ্যসূচীৰে অংশ হিচাপে শুকুৰবাৰে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত কামৰূপ জিলা সংহত জিলা কাৰ্যালয়ৰ সভাগৃহত "মেৰী পলিচি মেৰে হাথ" অভিযানৰ অংশ স্বৰূপে ফচল বীমা পলিচি বিতৰণ কৰা হয়। এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া লিমিটেডৰ সদস্যৰ উপস্থিতিত কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (শালি ধান আৰু মাটিমাহ)ৰ পলিচি বিতৰণ কৰে সাংসদ কুইন ওজা, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্ত্তি‌ জলী আৰু জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে।

সভাত উপস্থিত থাকি সাংসদ গৰাকীয়ে কামৰূপ জিলাৰ প্ৰতিগৰাকী কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে ফচল বীমা যোজনাৰ পৰা কেনেদৰে কৃষকসকল উপকৃত হ'ব সেই সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। উক্ত সভাতেই সাংসদ কুইন ওজা আৰু উপায়ুক্ত কীৰ্ত্তি‌ জলীয়ে উপস্থিত কৃষকসকলক বীমা পলিচি বিতৰণ কৰে।

assam Assam police guwahati himanta biswa sarma bjp