কামৰূপ মহানগৰ স্বাস্থ্য বিভাগৰ বিশ্ব পৰিৱেশ দিৱস পালন...

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগৰ বাহৰজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰসমূহত সজাগতা সভা, শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
djjdddddd

ডিজিটেল ডেস্কঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগৰ বাহৰজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰসমূহত সজাগতা সভা, শোভাযাত্ৰা, প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ আৰু মহৰ উৎপত্তিস্থল হ্ৰাসকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

Advertisment

প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰক-শীৰ্ষক বিষয়বস্তুৰে পালিত হোৱা এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসত সৰ্বসাধাৰণ ৰাইজক প্লাষ্টিকৰ অপব্যৱহাৰৰ ফলত বাহকজনিত ৰোগ যেনে, ডেংগু, মেলেৰিয়া, জাপানী এনকেফেলাইটিছ আজিৰ প্ৰাৰ্দূভাৱ যে বৃদ্ধি পায় সেই কথা অৱগত কৰোৱা হয়।

স্বাস্থ্য কৰ্মীসকলে স্থান বিশেষে ৰাইজৰ ঘৰে ঘৰে গৈ প্লাষ্টিকৰ খালী বাচন-বৰ্তন যতে-ততে যাতে পেলাই থোৱাৰ ফলত যাতে মহৰ বংশবৃদ্ধিত অৰিহণা নোযোগাই আৰু বাহকজনিত ৰোগ বিশেষকৈ ডেংগুৰ পৰা হাত সাৰি থাকিব পাৰে সেই বিষয়ে ৰাইজক সজাগ কৰে। 

 

গুৱাহাটী