পুত্ৰ জটিল ৰোগত আক্রান্তঃ এগৰাকী অসহায় মাতৃৰ হিয়াভগা কান্দোন...

কামৰূপ জিলাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবাৰী সত্ৰ নিবাসী ৰাতুল দাস আৰু বিমলা দাসৰ এক মাত্ৰ পুত্ৰ নবজিত দাস আজি জটিল ৰোগত আক্রান্ত। বিগত এটা বছৰ কঁকালৰ পৰা তলৰ অংশ বিকল হৈ পৰাত শায্যগত হৈ আছে নবজিত দাস।

New Update
rrrrrrrrrrr

ডিজিটেল সংবাদ, হাজোঃ কামৰূপ জিলাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবাৰী সত্ৰ নিবাসী ৰাতুল দাস আৰু বিমলা দাসৰ এক মাত্ৰ পুত্ৰ নবজিত দাস আজি জটিল ৰোগত আক্রান্ত। বিগত এটা বছৰ কঁকালৰ পৰা তলৰ অংশ বিকল হৈ পৰাত শায্যগত হৈ আছে নবজিত দাস।

Advertisment

প্ৰচণ্ড বিষত আক্রান্ত নবজিত দাসৰ উন্নত চিকিত্সাৰ অভাৱে বাৰুকৈ সমস্যাৰ সৃষ্টি কৰিছে বিধবা মাতৃক। মাতৃ বিমলা দাসে আনৰ ঘৰত দিন হাজিৰা কৰি পুত্ৰক চিকিত্সাৰ ব্যৱস্থা কৰিছে যদিও অদ্যাপি উন্নত চিকিত্সাৰ পৰা বঞ্চিত হৈ আছে।

 পুত্ৰৰ এনে অসহায় ৰূপ দেখি মাতৃ বিমলাই কান্দি কান্দি অসম বাসী ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক  সহায়।।কোনো হৃদয় বান লোকে সহায় কৰিব বিচাৰিলে  মাতৃৰ নামত থকা AC NO- 3216709249 / IFSC- CBINO281729 নম্বৰত সহায় কৰিবলৈ অনুৰোধ কৰিছে।।

হাজো