ঘৰৰ ভিতৰত অচিনাক্ত যুৱক-যুৱতী উদ্ধাৰ, উত্তেজনাময় পৰিস্থিতি

ঘৰৰ ভিতৰত অচিনাক্ত যুৱক-যুৱতী উদ্ধাৰ, উত্তেজনাময় পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
ঘৰৰ ভিতৰত অচিনাক্ত যুৱক-যুৱতী উদ্ধাৰ, উত্তেজনাময় পৰিস্থিতি

ডিজিটেল সংবাদ, কামপুৰঃ বুধবাৰৰ নিশা কচুৱা থানাৰ অন্তুৰ্গত শিমলুগুৰী বজাৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।নিশা প্ৰায় দহ বজাত এটা ঘৰৰ ভিতৰত স্থানীয় ৰাইজ আৰু গাওঁৰক্ষী বাহিনীয়ে এহাল অচিনাক্ত যুৱক -যুৱতী উদ্ধাৰক লৈ এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰে।

Advertisment

জানিব পৰা মতে নগাঁৱৰ  ধিং থানাৰ অন্তৰ্গত ডুমডুমীয়াৰ নাজিৰুল ইছলাম নামৰ যুৱকে এগৰাকী যুৱতীক লগত লৈ  শিমলুগুৰীৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈ আছিল।ৰাইজৰ অভিযোগ, পূৰ্বৰ পৰা ৰুকিয়া খাতুন নামৰ অকলশৰীয়া মহিলা গৰাকীৰ বাসগৃহত এনে অনৈতিক কাৰ্য সঃঘটিত হৈ আহিছে।

বুধবাৰেও ৰাইজে এই অচিনাক্ত যুৱক -যুৱতী হালক বাসগৃহটোত দেখা পায় ঘেৰাও কৰে।যাৰ বাবে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।পিছত কচুৱা থানাৰ আৰক্ষী  ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰন কৰে আৰু ঘৰটোৰ মালিক ৰুকিয়া খাতুনৰ লগতে যুৱক -যুৱতী হালক থানালৈ লৈ আহে।ইয়াৰ লগতে নাজিৰুল ইছলামৰ এ এচ ০১-ওৱাই ৮৬৮১ নম্বৰৰ বাইক খনো আৰক্ষীয়ে জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: তেনে মন্ত্ৰী হৈনো কিয় আছে আপুনি ?

Assam police