/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/418b3215-8afe-4f75-bbe6-198b5bc6ae8c/AP_FOR_WEB_teacher.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ দক্ষিণ চাংচকীৰ এক হৃদয় বিদাৰক দৃশ্য।লোকজনৰ নাম মৃদুল শইকীয়া। এক দুৰ্ভাগ্য জনক কাৰণত ২০২১ চনত পেৰালাইচিছ হৈ চিকিৎসকৰ পৰামৰ্শ মতে এখন ভৰি কাটি দিবলৈ বাধ্য হৈছিল শিক্ষক জনে।
উল্লেখ্য যে নগাঁও জিলাৰ কচুৱাৰ উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত শিক্ষকতা কৰিছিল।১৯৯৩-৯৪ চনৰ পৰা অপ্ৰাদেশীকৃত বিদ্যালয় খনত শিক্ষকতা কৰি বেতনৰ নামত ফুটা কৰি এটাও নোপোৱা শিক্ষকজনে এতিয়া নিজৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে ধনৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে।
জানিব পৰা মতে ১৯৮৮ চনতে স্থাপন কৰা বিদ্যালয়খন আজি পৰ্য্যন্ত প্ৰাদেশীকৰণ নহ'ল।মৃদুল শইকীয়াই বিষয় শিক্ষক হিচাপে অতি কষ্টৰে শিক্ষকতা কৰিছিল। ২০২২ চনত উচ্চ ৰক্ত চাপত ভুগি পেৰালাইচিচত আক্ৰান্ত হৈ এখন ভৰি অচল হৈ পৰিছিল শিক্ষকগৰাকীৰ।শেষত সেই ভৰিখন চিকিৎসকৰ পৰাৰ্মশ অনুসৰি ভৰি খন কাটি দিবলৈ বাধ্য হৈছিল।
ইয়াৰ পিছৰ পৰাই এখন বিচনাত শয্য়াগত হৈ জীৱন মৰনৰে যুঁজ দি আছে। ধনৰ অভাৱত বৈবাহিক জীৱনৰ পৰা বিৰত থকা ভাতৃ আৰু ভাই বোৱাৰীৰ লগত বসবাস কৰা মৃদুল শইকীয়াই এক দুৰ্বিসহ জীৱন অতিবাহিত কৰি আছে।
সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ বিধায়ক গৰাকীক সহায়ৰ বাবে কৰযোৰে প্ৰাৰ্থনা কৰিছে শিক্ষকগৰাকীয়ে ।
আপুনি সহায় কৰিব বিচাৰিলে মৃদুল শইকীয়াৰ নামত কামপুৰৰ পাঞ্জাৱ নেচনেল বেংকৰ A/C No - 0034010422154 IFSC - PUNB0003420 অথবা ফোন নম্বৰত 7896374564 যোগাযোগ কৰিব পাৰে।
Also Read: ভয় হয়, বদৰুদ্দিনে আৰু বা কি কয়?