মধ্যাহ্ন ভোজন গ্ৰহণৰ পাছতে ২০০ ছাত্ৰ-ছাত্ৰী অসুস্থ,তদন্তৰ দাবী ৰাইজৰ

দক্ষিণ জ্বৰবাগান প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্য খাই অসুস্থ হৈ পৰিছিল প্রায় ২০০ ছাত্র ছাত্ৰী

author-image
Asomiya Pratidin
New Update
মধ্যাহ্ন ভোজন গ্ৰহণৰ পাছতে ২০০ ছাত্ৰ-ছাত্ৰী অসুস্থ,তদন্তৰ দাবী ৰাইজৰ

ডিজিটেল সংবাদ, কামপুৰঃ যোৱা বুধবাৰে কচুৱাৰ ৰজাগাওঁৰ দক্ষিণ জ্বৰবাগান প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্য খাই অসুস্থ হৈ পৰিছিল প্রায় ২০০ ছাত্র ছাত্ৰী। লগে লগে ছাত্র ছাত্ৰী সকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে কামপুৰ আৰু নগাঁও লৈ প্রেৰণ কৰা হৈছিল।

Advertisment

ইয়াৰ পাছতে বুধবাৰে নিশা এজন ছাত্ৰৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্রেৰণ কৰে। এতিয়াও বহু ছাত্র ছাত্ৰী অসুস্থ হৈ আছে যদিও প্ৰধান শিক্ষয়িত্রী সুনালী পাঠকে ছাত্র ছাত্ৰী সকলৰ কোনো ধৰণৰ খা-খবৰ নোলোৱাত সচেতন মহলে তীব্ৰ গৰিহনা দিছে।।

আনফালে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজাববীয়াকৈ ৰান্ধনীসকলক নিযুক্তি দিয়া বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্যত কি দৰে ফেনাইল যুক্ত দ্ৰৱ মিহলি হ'ব পাৰিব তাৰ এক উচিত তদন্ত বিচাৰি ৰাইজে কচুৱা থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

Also Read: কি হৈছিল সেইদিনা...