কামপুৰ উঃমাঃ বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন

কামপুৰ উঃমাঃ বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন খন অহা ২৭ আৰু ২৮ জানুৱাৰীত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ পৰা শিক্ষাগ্ৰহন কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা লাভ কৰা প্ৰতিগৰাকী প্ৰাক্তন শিক্ষাৰ্থীক একলগ কৰি শিক্ষাৰ্থী জীৱনৰ মধুৰ স্মৃতি ৰোমন্থন কৰাৰ প্ৰয়াস কৰি অহা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন।

এই উপলক্ষে ২৭ জানুৱাৰীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে ; ইয়াৰ পিছতে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ পতাকা উত্তোলন কৰিব সন্মিলনীৰ সভাপতি ডিম্বেশ্বৰ বৰাই আৰু স্মৃতি তৰ্পণ কৰিব কামপুৰৰ জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰে। ইয়াৰ পিছতে প্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন আৰু প্ৰাক্তন শিক্ষা গুৰুসকলক সম্বৰ্ধনা আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ পৰিচলনা কৰিব ডাঃস্বৰাজ মোহন বৰা আৰু সুধাময় দাসে ,নিশাৰ ভাগলৈ প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা সাংস্কৃতিক সন্ধ্য অনুষ্ঠিত হ'ব।

সাস্কৃতিক মঞ্চ উদ্বোধন কৰিব বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে । পিছৰ দিনা পুৱা বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিব।এই সাংস্কৃতিক শোভাযাত্যাৰ শুভ উন্মোচন কৰিব ৰাজ কুমাৰ ৰবিদাসে ;বিয়লিবেলা অনুষ্ঠিত হ'ব লগা মুকলি সভা স্মৃতি গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰিব ডিম্বেশ্বৰ বৰনই, মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।

স্মৃতি গ্ৰন্থ উন্মোচন কৰিব লংকে ফাংছ ;উৎপল বৰি ; বেনুপ্ৰভা শইকীয়া ৰেৱত হাজৰীকা ;পাৰ্থজিত বৰুৱা ;ডিম্বেশ্বৰ শইকীয়াই আৰু সাংস্কৃতিক অনুষ্ঠানৰ শুভ উন্মোচন কৰিব দ্বীপ ভূঞা আৰু অমল বৰুৱাই । সেয়ে দুদিনীয়া কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি ডিম্বেশ্বৰ বৰা আৰু সম্পাদক বিদ্যাপ্ৰসাদ লস্কৰে প্ৰাক্তন শিক্ষাৰ্থী সকললৈ।

কামপুৰ উঃমাঃ বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন
লামডিঙত শ্ৰী সত্য সাই সাধনা নিলয়ম বাবাৰ মন্দিৰ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in