/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/rakh.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ চৌদিশে এতিয়া উখল মাখল পৰিবেশ। সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত ১১ নৱেম্বৰৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ৮৩ তম শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ "মহা ৰজত জয়ন্তী"।
প্ৰায় ১২ লাখ টকাৰ ব্যয়ৰে অনুষ্ঠিত হব লগা মহা ৰজত জয়ন্তী" বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হব বুলি ৰাসমহোৎসৱৰ উদযাপন সমিতিয়ে জানিব দিয়ে। বিগত কেইবৰ্ষৰ দৰেই এইবাৰো প্ৰতিস্থিত কৰিবলৈ সাজু কৰি তুলিছে মৃণ্ময় মূৰ্তি সমূহ।
মৃত শিল্পৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন আকাৰৰ মৃণ্ময় মূৰ্তি সমূহ। ইফালে বানত সকলো টছনছ হৈ পৰা পিছতো কামপুৰৰ কপিলী পাৰত ত্ৰিবেনী সংঘৰ উদ্যোগত পশ্চিম কাৱৈমাৰী নামঘৰ প্ৰাঙ্গনত দিনে নিশাই চলিছে ৰাখৰ যুদ্ধকালীন প্ৰস্তুতি। বিভিন্ন জাতি জনজাতিৰ লোক সকলৰ মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে কপিলী পাৰ । খোল তালৰ সুমধুৰ শব্দত ককাল ঘূৰাই নাচি আপোন পাহৰা হৈছে জীয়ৰী বোৱাৰী সকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us