কামপুৰৰ কাকতিগাঁৱত পথৰ দুৰৱস্থা, বিধায়কৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত

কামপুৰৰ কাকতিগাঁৱত পথৰ দুৰৱস্থা, বিধায়কৰ  বিৰুদ্ধে ৰাইজ ক্ষোভিত

ডিজিটেল সংবাদ, কামপুৰঃ পাঁচ খন পঞ্চায়তৰ ৰাইজে যাতায়ত কৰা এটা পথ।পথ নহয় যেন পথাৰ।বাৰিষা নহওঁতেই এজাক বৰষুনতে একাঠু বোকা পথ ।ৰহা সমষ্টিৰ বিধায়কে প্ৰতিশ্ৰুতি দিও পথটো নিৰ্মান নকৰাত তীব্ৰ ক্ষোভ উজাৰিজে ৰাইজে।কামপুৰৰ বগলাজান পঞ্চায়তৰ কাকতিগাঁৱৰ পৰা মাগুৰগাঁও হৈ পশ্চিম কাৰ্বিআংলঙৰ লগত সংযোগহোৱা পথচোৱাই তীব্ৰ সমস্যাত পেলাইছে ৰাইজক।

ৰহা সমষ্টি উন্নয়নৰ বাবেই কংগ্ৰেছ দল এৰি মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশী কান্তু দাসে।কিন্তু সমষ্টিৰ কিমান উন্নয়ন হ'ল এই প্ৰশ্নই এতিয়া ৰাইজে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে।

ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ কামপুৰ -চাপৰমুখ পথৰ পৰা কাকতিগাঁও আৰু মাগুৰগাঁও হৈ পশ্চিম কাৰ্বি আংলংৰ লগত সংযোগ কৰা পাঁচ পঞ্চায়তৰ ৰাইজে যাতায়ত কৰা একমাত্ৰ ব্যস্ত পথ এইটো । দৈনিক স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ লগতে ৰোগী আদি কৰি সহস্ৰাধীক লোক যাতায়ত কৰা পথটোৰ দুৰৱস্থাত সমস্যাত পৰিছে ৰাইজ। পথটো শীঘ্ৰে নিৰ্মানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

কামপুৰৰ কাকতিগাঁৱত পথৰ দুৰৱস্থা, বিধায়কৰ  বিৰুদ্ধে ৰাইজ ক্ষোভিত
মৰ্মান্তিক! ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল পিতৃ আৰু ৩ সন্তানৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in